অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে বৈঠক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাৰ - Chairman of National commission for women Rekha Sharma

ডিব্ৰুগড়ত উপস্থিত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মা(NCW chairperson Rekha Sharma visits Dibrugarh)। তেওঁ উজনি অসমৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় । লগতে জিলাখনৰ জামিৰা চাহ বাগিছাৰ মহিলা শ্ৰমিকসকলৰ লগতো মত বিনিময় কৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে ।

Chairman of National commission for women visits Dibrugarh
ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে বৈঠক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাৰ

By

Published : Dec 22, 2021, 3:14 PM IST

মৰাণ, ২২ ডিচেম্বৰ: মঙলবাৰে ডিব্ৰুগড়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই । এই বৈঠকত উপস্থিত থাকে উজনি অসমৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকল(Rekha Sharma holds meeting with Upper Assam police) । মহিলাসকলৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰা বিষয়ত আৰক্ষী বিষয়াৰে আলোচনা কৰে অধ্যক্ষাগৰাকীয়ে । কন্যাৰ বিবাহৰ ক্ষেত্ৰত বয়সৰ সীমা ২১ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তক আদৰণি জনায় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই(Chairman of National commission for women Rekha Sharma) ।

ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে বৈঠক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাৰ

তেওঁ কয় যে, বিবাহৰ ক্ষেত্ৰত বয়সৰ পাৰ্থক্য থকাটোৱে পুৰুষ আৰু মহিলাৰ সমতাৰ অধিকাৰক প্ৰভাৱিত কৰে । কম বয়সতে এগৰাকী যুৱতীৰ বিবাহ সম্পন্ন হ'লে যুৱতীগৰাকীৰ স্বাস্থ্য আৰু শিক্ষা এই দুয়োটা ক্ষেত্ৰতে বিৰূপ প্ৰভাৱ পৰে বুলি তেওঁ মন্তব্য কৰে । চৰকাৰৰ এই শক্তিশালী পদক্ষেপে মহিলাসকলক শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট নিৰাপত্তা প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে । ডিব্ৰুগড়ত উপস্থিত হৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে জামিৰা চাহ বাগিছাৰ মহিলা শ্ৰমিকসকলৰ লগতো মত বিনিময় কৰে(Rekha Sharma interect with women tea worker) ।

ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে বৈঠক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাৰ

ইয়াৰ পিছতে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ পৰা অহা উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ লগত আলোচনাত মিলিত হয় ।

ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে বৈঠক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাৰ

এই গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰেও অংশগ্ৰহণ কৰে । হেমপ্ৰভা বৰঠাকুৰে তেওঁ শীঘ্ৰেই বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষক আৰু বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰে পৃথকে পৃথকে আলোচনাত মিলিত হ'ব । জামিৰা চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানলৈ যোৱাৰ বাবে এখন বাছৰ ব্যৱস্থা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Assam girl selected to ISRO : ৰকেট নিৰ্মাণৰ সপোন পূৰণ হ’ল নাজনিন য়াচমিনৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details