মৰাণ,১২ মে': গুৱাহাটীৰ পাছতে ডিব্ৰুগড়ত সৰ্বাধিক হৈছে ক'ভিড ৰোগীৰ সংখ্যা । ক'ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও আজিও অনিয়ন্ত্ৰিত হৈ আছে ক'ভিড পৰিস্থিতি ।
জিলাখনত কৰ'ণা ৰোগী বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে জিলা উন্নয়ন আয়ুক্ত পার্থপ্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোঁহাই, স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলে চাবুৱাস্থিত ছেইণ্ট লুইছ চিকিৎসালয়ত উপস্থিত হৈ তাত নিৰ্মাণ হ'বলগীয়া ক'ভিড কেয়াৰ চেণ্টাৰটোৰ নিৰ্মাণ সম্পৰ্কে বুজ লয় ।