মৰাণ, 14 জানুৱাৰী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাৰ ডিকমত 'কা' বিৰোধীতাৰে বৃহস্পতিবাৰে আছুয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিয়ে ভোগালী বিহুৰ দিনটোতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে মেজিত "কা"ৰ প্ৰতিলিপি দাহ কৰি মেজি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মীসকলে।
চাবুৱাৰ ডিকমত ভোগালী বিহুৰ দিনাই আছুৰ প্ৰতিবাদ - সদৌ অসম ছাত্ৰ সন্থা
মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাৰ ডিকমত 'কা' বিৰোধীতাৰে ভোগালী বিহুৰ প্ৰথম দিনাই আছুৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
![চাবুৱাৰ ডিকমত ভোগালী বিহুৰ দিনাই আছুৰ প্ৰতিবাদ chabua-aasu-protest-against-caa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10241066-thumbnail-3x2-chabua.jpg)
চাবুৱাৰ ডিকমত ভোগালী বিহুৰ দিনাই আছুৰ প্ৰতিবাদ
আছুৰ কৰ্মীসকলে কা আমি নামানো, নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী নিপাত যাওক, কা বাতিল কৰিবই লাগিব আদি বিভিন্ন শ্ল'গান দি চাবুৱাৰ ডিকমত ভোগালী বিহুৰ দিনটোতে এনেদৰে মেজি জ্বলাই পৰিৱেশ উত্তাল কৰি তোলে।
লগতে পঢ়ক:পিডিপি নেতা নইম আখটাৰ অসুস্থ