অসম

assam

By

Published : Oct 17, 2021, 1:33 PM IST

ETV Bharat / state

ফিল’বাৰী কাণ্ডক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া

তিনিচুকীয়াৰ ফিল’বাৰীত এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আঁঠু লৈ ক্ষমা খোজাৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

central minister sarbananda sonowal
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মৰাণ, 17 অক্টোবৰ :তিনিচুকীয়াৰ ফিল’বাৰীত প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে এগৰাকী শিক্ষয়িত্ৰীয়ে আঁঠু কাঢ়ি ছাত্ৰ-ছাত্ৰীৰ সমুখত ক্ষমা খোজা পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । এই ঘটনাক লৈ শনিবাৰে ডিব্ৰুগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যক্ত প্ৰকাশ কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আঁঠু লৈ ক্ষমা খোজাটো অতি দুৰ্ভাগ্যজনক হিচাপে আখ্যা দিছে ৷ সোণোৱালে ভৱিষ্যত দিনত যাতে এনে ঘটনা নহয়, তাৰ বাবে সকলো পক্ষকে লক্ষ্য ৰাখিবলৈ আহ্বান জনায় । তেওঁ শিক্ষক, ছাত্ৰ আৰু অভিভাৱক এই তিনি শক্তিক একেলগ হ'লেহে সুন্দৰ সমাজ নিৰ্মাণ কৰি নতুন প্ৰজন্মক শৈক্ষিক দিশত আগুৱাই নিয়াটো সম্ভৱ হ'ব বুলি মন্তব্য কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

উল্লেখযোগ্য যে, ফিল'বাৰী ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ মাচুল সম্পৰ্কীয় এক প্ৰতিবাদত বিভিন্ন দল-সংগঠনৰ উপস্থিতিত উদ্ভৱ হৈছিল এই পৰিস্থিতি । অৱশ্যে শনিবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত, স্কুল কৰ্তৃপক্ষ, অভিভাৱক আৰু ৰাইজে মিলি এই সমস্যা সমাধান কৰে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক শনিবাৰে জানিবলৈ দিয়ে এই কথা ৷ তেওঁ ফিল'বাৰীৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত সকলো বিৰ্তক ইমানে শেষ কৰিবলৈ সকলো পক্ষক আহ্বান জনায় ৷

লগতে পঢ়ক :ৰাজহুৱা সভাৰ জৰিয়তে অন্ত পৰিল ফিল'বাৰীৰ বিতৰ্ক

ABOUT THE AUTHOR

...view details