অসম

assam

ETV Bharat / state

উত্তৰ পূৱক দিল্লীৰে সংযোগ কৰাৰ মোদী চৰকাৰৰ বিশেষ পৰিকল্পনা !

শুকুৰবাৰে বগীবিল দলঙত উপস্থিত হয় কেন্দ্ৰীয় ৰেলমন্ত্ৰী সুৰেশ আংগাড়ী ৷ 2022 চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত ৰেলৰ সম্প্ৰসাৰণ আৰু অৱশিষ্ট সকলোবোৰ কামেই সম্পূৰ্ণ কৰাৰ কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰেল সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষভাৱে গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

By

Published : Sep 21, 2019, 11:30 AM IST

বগীবিল দলঙৰ সন্মুখত কেন্দ্ৰীয় ৰেলমন্ত্ৰী সুৰেশ আংগাড়ী

ডিব্ৰুগড়, 20 চেপ্তেম্বৰঃ সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাই গীতত উল্লেখ কৰা ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশক ৰেল' সম্প্ৰসাৰণৰে মূল ভূ-খণ্ডৰ সৈতে জড়িত কৰাৰ উদ্দেশ্যে তৎপৰ হৈ উঠিছে কেন্দ্ৰীয় চৰকাৰ ৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ বগীবিল দলঙত উপস্থিত হৈ বগীবিল দলঙৰে উত্তৰ-পূৰ্বাঞ্চলক ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাক সদৰি কৰে কেন্দ্ৰীয় ৰেল মন্ত্ৰী সুৰেশ আংগাড়ীয়ে ৷ আগন্তুক 2022 চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত ৰেলৰ সম্প্ৰসাৰণ আৰু অৱশিষ্ট সকলোবোৰ কামেই সম্পূৰ্ণ কৰাৰ কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷ এইক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্ৰ্বাঞ্চলক বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ দিছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

উত্তৰ পূৱক দিল্লীৰে সংযোগ কৰাৰ মোদী চৰকাৰৰ বিশেষ পৰিকল্পনা !

ইপিনে,বগীবিলৰ নিৰ্মাণকাৰ্য দেখি অভিভূত হৈ পৰে কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকী ৷ দেশবাসীক এনেধৰণৰ প্ৰকল্প উপহাৰ দিয়াৰ বাবে নিৰ্মাণ কাৰ্যত নিয়োজিত সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে,ৰাঁচীত ব্ৰিটিছে এশ বছৰ পূৰ্বে নিৰ্মাণ কৰা দলঙৰ তুলনাত অধিক উন্নত বুলিও প্ৰশংসা কৰে ৷

মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কাৰ্যসূচীত তেখেতক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াই উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধকৰ লগতে অন্যান্য উচ্চস্তৰীয় বিষয়াই ৷ ইয়াৰ পাচতেই মন্ত্ৰীগৰাকী ৰাওনা হয় অৰুণাচল প্ৰদেশলৈ ৷

ABOUT THE AUTHOR

...view details