মৰাণ,17ছেপ্তেম্বৰঃবৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে এটা সপ্তাহ অৰ্থাৎ ১৪ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সকলে "সেৱা সপ্তাহ" কাৰ্যসূচী পালন কৰিছে। ইপিনে ডিব্ৰুগড় জিলা বিজেপিৰ ভালেকেইজন জ্যেষ্ঠ কাৰ্যকর্তাই ডিব্ৰুগড়ৰ জঁকাই কোঁৱৰ গাঁৱত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অন্যান্য পিছপৰা শ্ৰেণীৰ অধ্যক্ষ তথা ডিব্ৰুগড় জিলাৰ অন্যতম উপ-সভাপতি প্ৰশান্ত গগৈ,বিজেপি ডিব্ৰুগড় জিলাৰ উপ-সভাপতি ডাঃ সৈকত পাত্ৰ,অ'বিচি মৰ্চাৰ সাধাৰণ সম্পাদক মুকুন্দ বৰগোহাঁই,কিশান মৰ্চাৰ সভাপতি কিৰণ ভূঞা,অ'বিচি মৰ্চাৰ সম্পাদক সঞ্জীৱ কোঁৱৰকে আদি কৰি ভালেকেইজন জ্যেষ্ঠ কাৰ্যকৰ্তা।
মৰাণত বৃক্ষ ৰোপণ কাৰ্যসূচীৰে বিজেপিৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন - ডিব্ৰুগড়ৰ জঁকাই কোঁৱৰ
ডিব্ৰুগড় জিলা বিজেপিৰ ভালেকেইজন জ্যেষ্ঠ কাৰ্যকর্তাই ডিব্ৰুগড়ৰ জঁকাই কোঁৱৰ গাঁওত বৃক্ষ ৰোপণ কাৰ্যসূচী হাতত লয় ৷ মৰাণতো ৰাইজে বিভিন্ন ঠাইত বৃক্ষ ৰোপণ কৰে ৷
![মৰাণত বৃক্ষ ৰোপণ কাৰ্যসূচীৰে বিজেপিৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন Celebration of PM Narendra Modi's birthday at Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8838583-1073-8838583-1600350924601.jpg)
মৰাণত বৃক্ষ ৰোপণ কাৰ্যসূচীৰে বিজেপিৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন
মৰাণত বৃক্ষ ৰোপণ কাৰ্যসূচীৰে বিজেপিৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন
ডিব্ৰুগড় জিলাৰ অন্যতম উপ-সভাপতি প্ৰশান্ত গগৈয়ে কয় যে,সমাজৰ প্ৰত্যেক ব্যক্তিৰ জন্মদিনৰ উপলক্ষে একোটাকৈ গছপুলি ৰোপণ কৰিলে ভৱিষ্যতে এখন সুন্দৰ সেউজীয়া সমাজৰ সঞ্চাৰ হ'ব। ইয়াৰ উপৰিও মৰাণৰ বিভিন্ন ঠাইত ৰাইজে বৃক্ষৰোপণ কৰি প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন কৰে ।
লগতে পঢ়কঃক'ভিডত আক্ৰান্ত হৈ মৃত্যু লোকশিল্পী তৰুণ ওজাৰ