মৰাণ,24নৱেম্বৰঃ মৰাণৰ ধেমেচিত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে কেন্দ্ৰীয় ভাৱে লাচিত দিৱস পালন কৰাৰ সকলো প্ৰস্তুতি সম্পন্ন কৰিছিল । উপস্থিত থকাৰ কথা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী । কিন্তু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসানৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যিক শোক ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচী বাতিল কৰা হয় । কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি বীৰ লাচিতক ৰাজ্য চৰকাৰে জনালে শ্ৰদ্ধাঞ্জলি ।
মৰাণত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ল বীৰ লাচিত দিৱস - মৰাণৰ ধেমেচিত
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসানৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যিক শোক ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচী বাতিল কৰা হয় । কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি বীৰ লাচিতক ৰাজ্য চৰকাৰে জনালে শ্ৰদ্ধাঞ্জলি ।
![মৰাণত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ল বীৰ লাচিত দিৱস Celebration of Lachit Divash at Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9648501-208-9648501-1606214917882.jpg)
মৰাণত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ল বীৰ লাচিত দিৱস
মৰাণৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত উপস্থিত হৈ আজি লাচিত দিৱস উপলক্ষে বীৰ লাচিতক স্মৰণ কৰাৰ লগতে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্য চৰকাৰৰ হৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে । লগতে অনুষ্ঠানত উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ, ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া সকলকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি ।