মৰাণ, 2 ডিচেম্বৰ :অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হৈছে অসম দিৱস । অসম দিৱসৰ কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথিৰূপে উপস্থিত থাকিব । ইতিমধ্যে পুৱাৰ পৰাই সম্পূৰ্ণ তাই আহোমৰ ধৰ্মীয় ৰীতি-নীতিৰে আৰম্ভ কৰা হৈছে অসম দিৱস ।
সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মৰাণত আৰম্ভ হৈছে অসম দিৱস - মৰাণত আৰম্ভ হৈছে অসম দিৱস
সম্পূৰ্ণ তাই আহোমৰ ধৰ্মীয় ৰীতি-নীতিৰে মৰাণত আৰম্ভ হৈছে অসম দিৱস ৷ মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
অসম চৰকাৰে অনুষ্ঠিত কৰা এই দিৱসত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য, সাংস্কৃতিক পৰম্পৰা দেখিবলৈ পোৱা গৈছে । মুখ্যমন্ত্ৰীৰ ওপৰিও ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাচা, তপন কুমাৰ গগৈ, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু অন্যান্য কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিয়ে অংশ ল'ব অসম দিৱসত । ইতিমধ্যে প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।
লগতে পঢ়ক :পবাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ