ডিব্ৰুগড়, 4 মে': ৰাষ্ট্ৰীয় দল বিজেপিৰ বোকোচাত উঠি আঞ্চলিকতাবাদ ৰক্ষা কৰিবলৈ চেষ্টা কৰা অগপ দলটোৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাটে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলটোৰ ভিতৰত চূড়ান্ত খেলিমেলি সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল ৷ ক্ষমতাৰ স্বাৰ্থত নিজৰ দখলত থকা ভালেখংখ্যক আসন মিত্ৰ দল বিজেপিক এৰি দিব লগা হৈছিল আঞ্চলিক দলটোৱে ৷ আন নালাগে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে শীৰ্ষ নেতাকো টিকটৰ পৰা বঞ্চিত কৰি দলৰ সন্মানীয় বঢ়মপুৰ সমষ্টিকো এৰি দিছিল বিজেপিৰ হাতত ৷ কেৱল এয়াই নহয়, কমলপুৰত সত্যব্ৰত কলিতা, নাহকটীয়াত নৰেন সোণোৱালৰ দৰে শীৰ্ষ নেতাসকলকো বশ কৰি মিত্ৰজোঁটৰ হাতত এৰি দিব লগীয়া হৈছিল বহু সমষ্টি ৷ ইফালে পাটাছাৰকুছি সমষ্টিৰ অগপৰ বৰ্ষীয়ান নেতা পবিন্দ্ৰ ডেকাই দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছিল ৷
নিৰ্বাচনৰ ফলাফলক লৈ প্ৰকৃততে উৎফুল্লিত নে অগপ নেতৃত্ব ? - বিজেপিৰে মিত্ৰতা
সোমবাৰে অগপ কাৰ্যালয়ত দলীয় নেত্ৰীত্বই ইজনে আনজনক ফুলৰ থোপা, গামোচা ইত্যাদিৰে শুভেচ্ছা জ্ঞাপনেৰে সম্বৰ্দ্ধনা জনোৱা দেখা যায় ৷ কিন্তু প্ৰশ্ন হয়, বিধানসভা নিৰ্বাচনৰ এই ফলাফলক লৈ প্ৰকৃততেই উৎফুল্লিত হৈছেনে অগপ নেতৃত্ব ?
সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত সোমবাৰে দলটোৰ নেতৃত্বই উৎফুল্লিত হৈ পৰাৰ লগতে ইজনে আনজনক ফুলৰ থোপা, গামোচা ইত্যাদিৰে শুভেচ্ছা জ্ঞাপনেৰে সম্বৰ্দ্ধনা জনোৱা দেখা যায় ৷ কিন্তু মন কৰিবলগীয়া বিষয়টো হ’ল 2016 চনত দলটোৰ মুঠ আসনৰ সংখ্যা আছিল 14 খন ৷ ইয়াৰ বিপৰীতে সদ্য ঘোষিত ফলাফলত অগপ দলটোয়ে মাত্ৰ 9 খন আসনতে সীমাবদ্ধ থাকিব লগা হয় ৷ এনে পৰিস্থিতিত বিধানসভা নিৰ্বাচনৰ এই ফলাফলক লৈ প্ৰকৃততেই অগপ নেতৃত্ব উৎফুল্লিত হৈছেনে, সেইয়াহে হৈছে এই মূহুৰ্তৰ এক উল্লেখনীয় প্ৰশ্ন ৷
লগতে পঢ়ক :হায়দৰাবাদৰ চিৰিয়াখানাত সিংহৰ দেহত ক'ভিড 19