অসম

assam

ETV Bharat / state

টিংখাঙত উদযাপন শিল্পী দিৱস - আলোক জাতীয় বিদ্যালয়ৰ সহযোগত শিল্পী দিৱস উদযাপন

টিংখাঙৰ ৰাজগড়ত শিল্পী দিৱস উদযাপন । টিংখাঙৰ ৰাজগড়ৰ সমীপৰ আলোক জাতীয় বিদ্যালয় প্ৰাংগনত ৰাজগড় শাখা সাহিত্য সভাৰ উদ্যোগত আৰু আলোক জাতীয় বিদ্যালয়ৰ সহযোগত শিল্পী দিৱস উদযাপন ।

টিংখাঙত উদযাপন শিল্পী দিৱস
টিংখাঙত উদযাপন শিল্পী দিৱস

By

Published : Jan 17, 2021, 5:44 PM IST

ডিব্ৰুগড়, ১৭ জানুৱাৰী: আজি শিল্পী দিৱস ৷ সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে বিশ্ব বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈডিব্ৰুগড় জিলাৰ টিংখাঙতো উদযাপন কৰা হয় শিল্পী দিৱস । টিংখাঙৰ ৰাজগড়ৰ সমীপৰ আলোক জাতীয় বিদ্যালয় প্ৰাংগনত ৰাজগড় শাখা সাহিত্য সভাৰ উদ্যোগত আৰু আলোক জাতীয় বিদ্যালয়ৰ সহযোগত শিল্পী দিৱস উদযাপন কৰা হয় । পুৱাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰাজগড় শাখা সাহিত্য সভাৰ উপ সভাপতি সুৱৰ্ণ মেছে ।

টিংখাঙত উদযাপন শিল্পী দিৱস

শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক অভিলাষ জয়ছোৱালে আঁতধৰা মুকলি সভাত জিন্টী গোস্বামীয়ে জ্যোতি সংগীত পৰিৱেশন কৰি সভা মুকলি কৰে । সভাৰ লগত সংগতি ৰাখি আয়োজন কৰা কুইজ প্ৰতিযোগিতাত ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ে প্ৰথম, আলোক জাতীয় বিদ্যালয়ে দ্বিতীয়, নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ে তৃতীয় স্থান অধিকাৰ কৰে । অনুষ্ঠানত শাখা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক ক্ৰমে চিন্ময়জ্যোতি হাজৰিকা আৰু সঞ্জীৱ দত্তই আলোক জাতীয় বিদ্যালয়ৰ অধ্যক্ষা মানসী ৰায়ে বক্তৃতা প্ৰদান কৰে ।

টিংখাঙত উদযাপন শিল্পী দিৱস

সভাত গীতা ভাগৱতীয়ে কবিতা আবৃত্তি কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জ্যোতি সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে । শেষত শলাগৰ শৰাই আগবঢ়াই অভিলাষ জয়ছোৱালে ।

লগতে পঢ়ক: গহপুৰৰ ভোলাগুৰি চাহ বাগিছাত গীতে-মাতে সোঁৱৰণ ৰূপকোঁৱৰক

ABOUT THE AUTHOR

...view details