ডিব্ৰুগড়, 10 অক্টোবৰ: অসম চিকিৎসা মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত ছুপাৰ স্পেচিয়েলিটি ভৱনৰ নিউৰ’লজি বিভাগত নিশা খহি পৰিল চিলিং। ঘটনাটোৰ ফলত কৰ্মৰত অৱস্থাত থকা এগৰাকী নাৰ্ছ আঘাতপ্ৰাপ্ত হোৱাৰ পাছতেই নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে হাস্পতাল কৰ্তৃপক্ষই । ঘটনা অনুসৰি কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ব্লকৰ তৃতীয় মহলাৰ এখন বৃহৎ চিলিং অকস্মাতে নিশা খহি যোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডিব্ৰুগড় জিলাত ।
ঘটনা সন্দৰ্ভত অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে গোচৰ দিয়াৰ লগতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বিষয়টো অৱগত কৰিছে । উল্লেখ্য যে, কেন্দ্রীয় পুঁজিৰে ডিব্ৰুগড়ৰ AMCH ত ছুপাৰ স্পেচিয়েলিটি ব্লক নিৰ্মাণৰ বাবে 2014 চনতে কেইবাকোটি টকাৰ অনুমোদন দিয়া হৈছিল । 2016 চনৰ পৰা অত্যাধুনিক এই হাস্পতালৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ পিছত 2021 চনত নিৰ্মাণৰ দায়িত্বত থকা হায়দাবাদৰ কে এম ভি নামৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে এ এম চি এইচক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিছিল ।