অসম

assam

ETV Bharat / state

মৰাণত বংগভাষী উন্নয়ন পৰিষদৰ অনুষ্ঠান বাতিল

মৰাণত অসম চৰকাৰৰ বংগ ভাষী উন্নয়ন পৰিষদৰ অনুষ্ঠান ৷ অনুষ্ঠানত স্থানীয় দল সংগঠনৰ সৈতে মতানৈক্য বংগভাষী উন্নয়ন পৰিষদৰ প্ৰতিনিধিৰ ৷ অনুষ্ঠান বাতিল ৷

By

Published : Nov 10, 2020, 8:21 AM IST

cancellation-of-banglavashi-unnayan-parishad-program-in-moran
মৰাণত বংগভাষী উন্নয়ন পৰিষদৰ অনুষ্ঠান বাতিল

মৰাণ, 10 নৱেম্বৰ :মৰাণৰ পূৰ্ণিমা হোটেলত অসম চৰকাৰৰ বংগভাষী উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত সাংস্কৃতিক অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । বংগভাষী উন্নয়ন পৰিষদে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানলৈ মৰাণৰ কোনো দল সংগঠনক আমন্ত্ৰণ নকৰাত মৰাণৰ নিবাসী তথা বংগভাষী উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেনৰ সৈতে মত বিৰোধ হয় স্থানীয় দল সংগঠনৰ ৷

মৰাণত বংগভাষী উন্নয়ন পৰিষদৰ অনুষ্ঠান বাতিল

অভিযোগ অনুসৰি,বংগভাষী উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেনে মৰাণত আয়োজন কৰা উন্নয়ন পৰিষদৰ অনুষ্ঠানত মৰাণৰ কোনো দল সংগঠন তথা ৰাইজক আমন্ত্ৰণ নকৰাৰ অভিযোগ ৷ আনকি,বিভিন্ন দল সংগঠনে উন্নয়ন পৰিষদে কি অনুষ্ঠানৰ আয়োজন কৰিছে সেই বিষয়ে জানিব বিচাৰিছিল যদিও সেই সময়ত দল সংগঠনৰ সৈতে বংগ পৰিষদৰ উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেনৰ মতবিৰোধ হোৱা পৰিলক্ষিত হৈছে ৷ যাৰবাবে স্থানীয় দল সংগঠনে উক্ত স্থানত উপস্থিত হৈ অনুষ্ঠান বাতিল কৰাবলৈ বাধ্য হয় ৷

পৰৱৰ্তী সময়ত উন্নয়ন পৰিষদৰ প্ৰতিনিধি গৰাকীয়ে মৰাণৰ দল সংগঠনৰ আগত নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰি ভৱিষ্যতে এনেকুৱা কাম নকৰে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :আলু পিয়াঁজৰ ব্যৱসায়ীক Z+ সুৰক্ষা প্ৰদানৰ দাবী !

ABOUT THE AUTHOR

...view details