অসম

assam

ETV Bharat / state

ক'ৰনাৰ ভয়াবহতা বাবে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী বাতিল - জুবিন গাৰ্গ

সমগ্ৰ দেশজুৰি কৰ’ণাৰ দ্ৰুত সংক্ৰমণ তথা জনসাধাৰণৰ স্বাস্থ্যজনিত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তাসকলে বিহুৰ সকলো কাৰ্যসূচী বাতিল কৰে ।

ক'ৰনাৰ ভয়াবহতা বাবে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী বাতিল
ক'ৰনাৰ ভয়াবহতা বাবে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী বাতিল

By

Published : Apr 19, 2021, 1:48 PM IST

ৰাণ, 19 এপ্ৰিল : ৰঙালী বিহুৰ আনন্দত প্ৰতিজন অসমীয়া মতলীয়া হৈ পৰিছে যদিও মনত ভয় আতংক ক্ৰমাৎ ভৰি পৰিছে। কাৰণ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কৰ’ণা মহামাৰীৰ ভয়াবহতা বৃদ্ধি পাব ধৰিছে । সেয়েহে সোমবাৰৰ পৰা ৰাজ্যৰ বহু কেইখন জিলাত প্ৰাথমিক বিদ্যালয় সমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে । ইয়াৰ সমান্তৰালভাৱে বিহু উদযাপনো বন্ধ হোৱা পৰিলক্ষিত হৈছে ।

ক'ৰনাৰ ভয়াবহতা বাবে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী বাতিল

উল্লেখ্য যে, ৰাজ্য চৰকাৰে কৰ’ণাৰ সৈতে যুদ্ধ কৰিবলৈ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ জানিব পৰা মতে, সমগ্ৰ দেশজুৰি কৰ’ণাৰ দ্ৰুত সংক্ৰমণ তথা জনসাধাৰণৰ স্বাস্থ্যজনিত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তাসকলে বিহুৰ সকলো কাৰ্যসূচী বাতিল কৰে । বিহু সন্মিলনীখনে 12 আৰু 13 ব’হাগত দুদিনীয়া কাৰ্যসূচীৰে বিহু অনুষ্ঠিত কৰাৰ কথা আছিল যদিও বাতিল কৰিবলৈ বাধ্য হয় ৷ এই অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তক আমন্ত্ৰণ জনোৱা হৈছিল ৷
লগতে পঢ়ক : ফকিৰাগ্ৰামত উলহ-মালহৰে ষট পূজা পালন

ABOUT THE AUTHOR

...view details