অসম

assam

ETV Bharat / state

ৰাজপথত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা - নাগৰিকত্ব সংশোধনী বিধেয়কখন কেতিয়াও মানি নলয়

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ৰাজপথলৈ ওলাই আহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল ৷ কোনো কাৰণতে কেব মানি লোৱা ন'হব বুলি মন্তব্য কৰে শিক্ষক সমাজে ৷

CAB AGGAINST DIBRUGARH UNIVERSITY
ৰাজপথত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা

By

Published : Dec 9, 2019, 6:13 PM IST

ডিব্ৰুগড়,9 ডিচেম্বৰ: সোমবাৰে লোকসভাত কেব উত্থাপন হোৱাৰ পাছতেই প্ৰতিবাদমুখী হৈ পৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ বিধেয়কখন বাতিলৰ দাবীত ওলাই আহিছে প্ৰতিজন নাগৰিক,দল সংগঠন সকলো ৷ এই বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিবলৈ সোমবাৰে ৰাজপথলৈ ওলাই আহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল ৷ শিক্ষক-শিক্ষয়িত্ৰীসকলে হাতে হাতে কেব বিৰোধী প্লেকাৰ্ড লৈ বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদী সমদল উলিওৱাৰ লগতে বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচৰাৰ সন্মুখত অনুষ্ঠিত কৰে এখন প্ৰতিবাদী সভা।

ৰাজপথত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা

বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা এই নাগৰিকত্ব সংশোধনী বিধেয়কখন কেতিয়াও মানি নলয় বুলি মন্তব্য কৰে ৷ ইফালে,যদি লোকসভাত কেব গৃহীত হয়,তেন্তে পৰৱৰ্তী সময়ত জনসাধাৰণৰ লগত একত্ৰিত হৈ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়নি দিয়ে শিক্ষক সমাজে ৷

অন্য এক খবৰৰ বাবে : ''কংগ্ৰেছে সংশোধন কৰিব কেব''-তৰুণ গগৈ!

ABOUT THE AUTHOR

...view details