অসম

assam

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অব্যাহত 'কা' বিৰোধী প্ৰতিবাদ - ৰাজ্যত আন্দোলনৰ উক মুকনি ঘটোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অব্যাহত ৰাখিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৷ ইয়াৰে স্পষ্ট প্ৰতিফলন দেখা পোৱা গ'ল বিশ্ববিদ্যালয়খনৰ মফিজ্জুদিন আহমেদ হাজৰিকাৰ ছাত্ৰ বাস অৰ্থাৎ মফিত । মফিৰ উদ্যোগত অনুষ্ঠিত হৈছে আন্তঃবিভাগ ভলীবল প্ৰতিযোগিতাত ক্ৰীড়াৰ মাজৰেও কা-বিৰোধী প্ৰতিবাদ অব্যাহত ৰাখিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে ।

CAA PROTEST IN  VOLLEYBALL MATCH AT DIBRUGARH UNIVERSITY
CAA PROTEST IN VOLLEYBALL MATCH AT DIBRUGARH UNIVERSITY

By

Published : Mar 2, 2020, 8:14 PM IST

যোৰহাট, 2 মাৰ্চ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা এতিয়াও অব্যাহত অসমীয়াৰ হাড়ে হিমজুৱে । ৰাজ্যত আন্দোলনৰ উক মুকনি ঘটোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মজিয়াতো দেখা গ'ল একেই দৃশ্য । উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বুকুত এতিয়াও উমি উমি জ্বলি আছে বিক্ষোভৰ জুই ৷ কি শিক্ষা, কি সংস্কৃতি আথবা কি ক্ৰীড়া ৷ সকলো ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অব্যাহত ৰাখিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অব্যাহত 'কা' বিৰোধী প্ৰতিবাদ

ইয়াৰে স্পষ্ট প্ৰতিফলন দেখা পোৱা গ'ল বিশ্ববিদ্যালয়খনৰ মফিজ্জুদিন আহমেদ হাজৰিকাৰ ছাত্ৰ বাস অৰ্থাৎ মফিত । মফিৰ উদ্যোগত অনুষ্ঠিত হৈছে আন্তঃবিভাগ ভলীবল প্ৰতিযোগিতাত । উদ্যমৰে প্ৰতিদ্বন্দতিতা আগবঢ়াইছে নিজ নিজ বিভাগৰ শিক্ষাৰ্থী । চাৰিওফালে সমৰ্থকৰ উচাহ, কিন্তু ইয়াৰ মাজে মাজে খেল পথাৰৰ চৌদিশে দেখা গ'ল কা-বিৰোধী শ্ল'গান ৷ ক্ৰীড়াৰ মাজৰেও এইদৰে কা-বিৰোধী প্ৰতিবাদ অব্যাহত ৰাখিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে ।
লগতে পঢ়ক :

6 নং দফা কাৰ্যকৰী সমিতিলৈ বিশেষ অনুৰোধ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ

ABOUT THE AUTHOR

...view details