অসম

assam

ETV Bharat / state

ৰাজ্যৰ চুকে-কোণে অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদঃশিলচৰত আটক প্ৰতিবাদকাৰী

ৰাজ্যৰ বিভিন্ন স্থানত সম্প্ৰতিও অব্যাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৷ বৃহস্পতিবাৰৰ দিনটোত শিলচৰ,গোলাঘাট,কাকপথাৰ,বিহালী আদিত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ শিলচৰত আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীক ৷

নাগৰিকত্ব সংশোধনী আইন
নাগৰিকত্ব সংশোধনী আইন

By

Published : Jan 3, 2020, 6:26 AM IST

শিলচৰ,2 জানুৱাৰীঃ চৰকাৰৰ উগ্ৰ দমন নীতিক কেৰেপ নকৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা একাংশ প্ৰতিবাদকাৰীক আটক শিলচৰ চহৰত ৷ শিলচৰ চহৰৰ মাজমজিয়াৰ শ্বহীদ ক্ষুদিৰাম বসুৰ প্ৰতিমুৰ্তিৰ তলত বৃহস্পতিবাৰে আবেলি বিভিন্ন সংগঠনৰ কৰ্মকৰ্তাসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছিল । এই বিক্ষোভ চলি থকাৰ সময়তে আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ বিক্ষোভকাৰীসকলক আটক কৰে । ফ’ৰাম ফৰ ছ’চিয়েল হাৰমনি,কোৰাচকে ধৰি বিভিন্ন সংস্থা,দল-সংগঠনৰ কৰ্মকৰ্তাসকলে এই বিক্ষোভত অংশগ্ৰহণ কৰিছিল ৷

শিলচৰত আটক প্ৰতিবাদকাৰী

গোলাঘাটঃ গোলাঘাটৰ এলেংমুৰী বৃহত্তম যুৱ-মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বৃহস্পতিবাৰে গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ চি এ এ ৰ বিৰোধিতাৰে কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ লগতে বিপিন চাওদাং ৷ শিল্পীদ্বয়ে গীতৰ মাজেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাটত উপস্থিত মহেন্দ্ৰ হাজৰিকা

বিহালীঃ বিশ্বনাথৰ বিহালীতো বৃহস্পতিবাৰৰ দিনটোত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সদৌ ৰাংচালী মহিলা সমাজৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ বিহালী সমষ্টিৰ শতাধিক মহিলাই ৰাংচালী চেণ্টাৰৰ মাজমজিয়াত অৱস্থান কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদী দলটোৱে চৰকাৰ বিৰোধী শ্ল’গানেৰে বিহালীৰ আকাশ বতাহ কঁপাই তোলে ।

মহিলা সমাজৰ প্ৰতিবাদী কাৰ্যসূচী

শদিয়াঃ ইপিনে কাকপথাৰৰ সৰুমেছাই গাঁৱত ধৰ্মীয় ৰীতি নীতিৰে চি এ এ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্মৰ্তব্য যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম ৰাজ্যিক বিজেপিৰ সভাপতি হৈ উক্ত অঞ্চলৰ পৰাই অসমজুৰি হোৱা পদযাত্ৰাৰ আৰম্ভণি কৰিছিল ৷ সৰুমেছাই নামঘৰৰ পৰা পদযাত্ৰাৰে আৰম্ভ কৰা প্ৰতিবাদী সমদলটো কেইবা কিল’মিটাৰ পৰিভ্ৰমণ কৰি শেষত এক সভা অনুষ্ঠিত কৰি সামৰণি মাৰে ৷ সমদলতোত কেইবাগৰাকীও বয়জ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে ৷

ধৰ্মীয় নীতিৰে প্ৰতিবাদ কাকপথাৰত

লগতে চাওকঃঅসম ৰাজ্যিক চিৰিয়াখানাত বিশেষ যন্ত্ৰৰ সহায়ত উৎপাদন কৰা হ'ব ঘাঁহ

ABOUT THE AUTHOR

...view details