অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংকল্প সমাৰোহ - মৰাণ,ডুমডুমা,বকো

মৰাণ,ডুমডুমা আৰু বকোত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধ ৰাইজে অনুষ্ঠিত কৰে সংকল্প সমাৰোহ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীসমূহত উপস্থিত থাকে কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷

CAA protest at Dumduma Moran and Boko
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংকল্প সমাৰোহ

By

Published : Dec 23, 2019, 4:10 AM IST

Updated : Dec 23, 2019, 7:44 AM IST

মৰাণ,22 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কেৱল চহৰ মাজমজিয়া বা ৰাষ্ট্ৰীয় ঘাইপথতেই নহয় গাঁৱে গাঁৱে জাগ্ৰত হৈছে ৰাইজ ৷ দেওবাৰে মৰাণৰ সমীপৰ পথালিবাম চাওৰা লাইন খেলপথাৰত সমবেত হয় প্ৰায় 5 শতাধিক পুৰুষ-মহিলা ৷ অংকুৰণ যুৱক সংঘ আৰু নৱজ্যোতি যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হয় গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷ গজপুৰীয়া,পথালিবাম,লুকুমাৰী আদি বিভিন্ন গাঁৱৰ পৰা অহা লোকসকলৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়েও এই সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত লগতে অংশগ্ৰহণ কৰে সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া,আছুৰ ডিব্ৰুগড় জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল কোঁৱৰ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি বুধীন সোণোৱাল,সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক দেবেন ওৰাং,আহোম গণ মঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞা ৷

মৰাণত গণ সত্যাগ্ৰহ

ডুমডুমাঃ উজনিৰ চাহ নগৰী ডুমডুমাতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ ৷ ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় আইনখনৰ বিৰুদ্ধে ‘সংকল্প সমাৰোহ’ অনুষ্ঠান ৷

ডুমডুমাত প্ৰতিবাদী কাৰ্যসূচী

বকোঃ মৰাণ, তিনিচুকীয়াৰ সমান্তৰালকৈ কামৰূপ জিলাৰ বকোতো নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদেৰে উত্তাল হৈ পৰে সংখ্যালঘু বসতিপ্ৰধান জাওঁকাটা বজাৰ ৷ অসম মিঞা(অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতি আৰু জাওঁকাটা বজাৰ ক্লাৱৰ উদ্যোগত ৰূপায়ণ কৰা হয় গণ বিক্ষোভ কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলা মিঞা (অসমীয়া) পৰিষদৰ সভাপতি এম মুক্ৰা মণ্ডল,গুৱাহাটী বিশ্বিদ্যালয়ৰ গৱেষক ছাত্ৰী ৰেহেনা চুলতানা,কামৰূপ জিলা যুৱ উন্নয়ন মঞ্চৰ সভাপতি মিৰাজুল ইছলাম,এঘৰ দলৰ বকো বিধান পৰিষদৰ কাৰ্যকৰী সভপতি দ্বীপজ্যোতি দাস,যুৱ সমাজকৰ্মী আব্দুল কাদেৰ প্ৰমুখ্যে কেইবাগৰাকী লোকে ৷ দেওবাৰৰ এই কাৰ্যসূচীত জাতীয় শ্বহীদ পাঁচ গৰাকীলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

বকোত প্ৰতিবাদ

লগতে পঢ়ক-CAA খন কি প্ৰথমে বুজি লওক, তাৰ পিছত প্ৰতিবাদ কৰক: নৰেন্দ্ৰ মোডী

Last Updated : Dec 23, 2019, 7:44 AM IST

ABOUT THE AUTHOR

...view details