টিংখাং, ৪ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ ৰাজগড় ব্যৱসায়ী সন্থাৰ উদ্যোগত বুধবাৰে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় । শেহতীয়াকৈ'অসম ভাষা গৌৰৱ আঁচনি'ৰ অধীনত ৰাজ্য চৰকাৰে লেখক সম্বৰ্ধনা বঁটাৰে সন্মানিত কৰা টিংখাঙৰ চিন্ময়জ্যোতি হাজৰিকা আৰু বিনোদ কুৰ্মীক এই সভাতে সম্বৰ্ধনা জনোৱা হয় । ৰাজগড় ব্যৱসায়ী সন্থাই একোখনকৈ ফুলাম গামোছাৰে দুয়োগৰাকীকে সম্বৰ্ধনা জ্ঞাপন কৰে । ৰাজগড় ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত এক মত-বিনিয়ম অনুষ্ঠানৰো আয়োজন কৰা হয় । অনুষ্ঠানটিত লেখক চিন্ময় জ্যোতি হাজৰিকাই নিজৰ অনুভৱ ব্যক্ত কৰাৰ উপৰিও এই ক্ষেত্ৰত নতুন প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায় । আনগৰাকী লেখক বিনোদ কুৰ্মীয়েও ভাষণ প্ৰসংগত নিজৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে । দুয়োগৰাকী লেখকে ৰাজগড় ব্যৱসায়ী সন্থাৰ লগতে অসম চৰকাৰে তেঁওলোকক জনোৱা এই সম্বৰ্ধনাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
এই সম্বৰ্ধনা সভাত ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত বিশেষ অৰিহনা আগবঢ়াই ‘অসম ভাষা গৌৰৱ আঁচনি’ৰ ৫০ হাজাৰকৈ বিত্তীয় অনুদান আৰু সম্বৰ্ধনা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা লেখক চিন্ময়জ্যোতি হাজৰিকা আৰু বিনোদ কুৰ্ম্মীক সম্বৰ্ধনা জ্ঞাপন কৰে ৰাজগড় ব্যৱসায়ী সন্থাই।ব্যৱসায়ী সন্থাৰ কাৰ্যনিৰ্বাহক সদস্যসকলে একোখনকৈ ফুলাম গামোচাৰে দু্য়োগৰাকী বঁটাপ্ৰাপকক আদৰণী জনোৱাৰ লগতে অনুষ্ঠিত কৰে এটি মত বিনিময়ৰ অনুষ্ঠান।