নাহৰকটীয়া, 28 জুন: বুঢ়ীদিহিঙৰ জলপৃষ্ঠই ভাবুকি কঢ়িয়াইছে নাহৰকটীয়াৰ জাগুন গাঁৱলৈ ৷ বাৰিষাৰ নেৰা নেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে বুঢ়ীদিহিঙৰ জলপৃষ্ঠ৷ বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা প্ৰৱল গৰাখহনীয়াই এতিয়া নিদ্ৰা হৰণ কৰিছে গাওঁবাসীৰ ৷ নৈৰ পাৰ ভাঙি পানী প্ৰৱেশ কৰিছে লোকসকলৰ ঘৰলৈ ৷ বাঢ়নী পানীয়ে যিকোনো মূহুৰ্তত উটুৱাই নিব পাৰে এই লোকসকলৰ আপোন ঘৰখন ৷ এই চিন্তাতে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে ৷
বিগত বৰ্ষত ডিব্ৰুগড় লোক সভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক নৰেন সোণোৱালক গাঁৱবাসীয়ে বহু কাকুটি-মিনতি কৰাত সাংসদ আৰু বিধায়কদ্বয়ে উক্তস্থান পৰিদৰ্শনৰ বাবে আহি ৰাইজৰ এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এইবাৰ পুনৰ বাৰিষা অহা পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সাংসদ ৰামেশ্বৰ তেলীৰ লগতে নিজকে কাম কৰি ভালপোৱা ব্যক্তি বুলি সভাই সমিতিয়ে যহাই ফুৰা নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালে ৷ ফলত বানত আপোন ঘৰখন হেৰুৱাৰ উপক্ৰম হৈছে জাগুনৰ স্থানীয় বাসিন্দা ৷