অসম

assam

By

Published : May 30, 2022, 4:52 PM IST

ETV Bharat / state

খহনীয়াৰ ভয়ংকৰ ৰূপঃ জলদেৱতাক পূজা শংকিত ৰাইজৰ

খোৱাঙৰ বৰবিল খলিহামাৰীত বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে দাতিকাষৰীয়া ৭ খন গাঁৱৰ ৰাইজলৈ । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি খহনীয়া ৰোধৰ বাবে সংশ্লিষ্ট বিভাগৰ লগতে মৰাণ সমষ্টিৰ বিধায়ক গৰাকীক বহু আবেদন নিবেদন কৰা হৈছে যদিও কাৰ্যতঃ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

খহনীয়াৰ ভয়ংকৰ ৰূপঃ জলদেৱতাক পূজা শংকিত ৰাইজৰ
খহনীয়াৰ ভয়ংকৰ ৰূপঃ জলদেৱতাক পূজা শংকিত ৰাইজৰ

মৰাণ, 30 মে': ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰঅন্তৰ্গত খোৱাঙৰ বৰবিল খলিহামাৰীত বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে দাতিকাষৰীয়া ৭ খন গাঁৱৰ ৰাইজলৈ । পৰিস্থিতি ইমানেই বিপদসংকুল হৈ পৰিছে যে উপায়হীন স্থানীয় ৰাইজে জলদেৱতাক পূজা কৰিবলৈ আৰম্ভ কৰিছে । খহনীয়াৰ প্ৰকোপ ইমানেই বাঢ়িছে যে আৰু প্ৰায় ৬০ মিটাৰ খহিলেই স্পৰ্শ কৰিব মথাউৰি ।

যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী । বৃহত্তৰ অঞ্চলটোৰ বৰবিল, গৰৈমাৰী, খলিহামাৰি, গেৰগেৰি, দলনিকোৰ, বৰবিল ব্লক, মইনা গাঁও আদি গাঁৱৰ সহস্ৰাধিক ৰাইজৰ নিদ্ৰা কাঢ়িছে এতিয়া গৰাখহনীয়াই ।

খহনীয়াৰ ভয়ংকৰ ৰূপঃ জলদেৱতাক পূজা শংকিত ৰাইজৰ

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি খহনীয়া ৰোধৰ বাবে সংশ্লিষ্ট বিভাগৰ লগতে মৰাণ সমষ্টিৰ বিধায়ক গৰাকীক বহু আবেদন নিবেদন কৰা হৈছে যদিও কাৰ্যতঃ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

উল্লেখযোগ্য যে বৃহৎ অঞ্চলটোৰ ৰাইজে কৃষি কৰ্ম কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে । তেনেস্থলত বুঢ়ীদিহিং নদীৰ এই গৰাখহনীয়াই তেওঁলোকৰ জীৱন জীৱিকাৰ প্ৰতিও ভাবুকি কঢ়িয়াইছে । উপায়হীন ৰাইজে সেয়ে বিভাগীয় মন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ সহযোগিতা কামনা কৰিছে ।

উল্লেখ্য যে বৰবিল খলিহামাৰী অঞ্চলত প্ৰায় তিনি সহস্ৰাধিক লোক বসবাস কৰে আৰু এই গাওঁবাসীয়ে উৎপাদন কৰি অহা কৃষি সামগ্ৰীয়ে সমগ্ৰ মৰাণ অঞ্চলৰ বজাৰ দখল কৰি আহিছে ৷ তেনেক্ষেত্ৰত এতিয়া এই অঞ্চলটো খহনীয়াৰ কৱলত পৰাৰ গাওঁবাসীৰ জীৱিকাৰ প্ৰতিও ভাবুকি আহি পৰিছে ৷

লগতে পঢ়ক:ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত দুটাকৈ পদক অৰ্জন টিংখাঙৰ পুষ্পা গগৈৰ

ABOUT THE AUTHOR

...view details