মৰাণ,১৫ এপ্ৰিল: ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে ডিব্ৰুগড়ৰ বাঁহবাৰী অঞ্চলত । গৰুবিহুৰ দিনা বুঢ়ী দিহিং নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা দুই যুৱকৰ এতিয়াও এজনৰ সন্ধান নাই ।
দ্বিতীয় দিনাও সন্ধান নাই শিৰোমণি বৰাৰ
গৰুবিহুৰ দিনা বুঢ়ীদিহিং নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা যুৱকৰ এতিয়াও সন্ধান নাই । এছডিআৰএফ বাহিনীয়ে চানু খনিকৰ নামৰ এজন যুৱকৰ মৃতদেহ বুধবাৰে নদীৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও এতিয়াও সন্ধান নাই বাঁহবাৰী গাঁৱৰ শিৰোমণি বৰাৰ ।
দ্বিতীয় দিনাও সন্ধান নাই শিৰোমণি বৰাৰ
এছডিআৰএফ বাহিনীয়ে চানু খনিকৰ নামৰ যুৱকজনৰ মৃতদেহ বুধবাৰে নদীৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও এতিয়াও সন্ধান নাই বাঁহবাৰী গাঁৱৰ শিৰোমণি বৰাৰ । বৃহস্পতিবাৰে যুৱকজনৰ উদ্ধাৰৰ বাবে এছডিআৰএফৰ এটা দলে অভিযান চলাইছে যদিও কোনো সন্ধান পোৱা নাই ।
লগতে পঢ়ক:ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন চড়ক পূজা
TAGGED:
buhriding missing boy