অসম

assam

By

Published : May 27, 2021, 7:07 AM IST

ETV Bharat / state

চলাপথাৰ বৌদ্ধ বিহাৰত ২৫৬৫ সংখ্যক 'বুদ্ধ পূৰ্ণিমা' উদযাপন

চৰাইদেউৰ চলাপথাৰ বৌদ্ধ বিহাৰত 2565 সংখ্যক 'বুদ্ধ পূৰ্ণিমা' পালন ৷ ক'ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন পৱিত্ৰ দিনটো ৷

চৰাইদেউৰ চলাপথাৰ বৌদ্ধ বিহাৰত ২৫৬৫ সংখ্যক 'বুদ্ধ পূৰ্ণিমা' উদযাপন
চৰাইদেউৰ চলাপথাৰ বৌদ্ধ বিহাৰত ২৫৬৫ সংখ্যক 'বুদ্ধ পূৰ্ণিমা' উদযাপন

মৰাণ,27 মে’:বুধবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বুদ্ধ পূৰ্ণিমা ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বুধবাৰে চৰাইদেউ জিলাৰ চলাপথাৰৰ বৌদ্ধ বিহাৰতো পালন কৰা হয় 2565 সংখ্যক বুদ্ধ পূৰ্ণিমা । চলাপথাৰৰ বৌদ্ধ বিহাৰত কাল কৰ’ণাৰ সংহাৰৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় বৌদ্ধ পূৰ্ণিমা ৷ বৌদ্ধ বিহাৰত আয়োজন কৰা কাৰ্যসূচী অনুসৰি ছয় ৰশ্মিযুক্ত বৌদ্ধ পতাকা উত্তোলন, বুদ্ধ বন্দনা কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে ।

চৰাইদেউৰ চলাপথাৰ বুদ্ধ বিহাৰত ২৫৬৫ সংখ্যক 'বুদ্ধ পূৰ্ণিমা' উদযাপন

উল্লেখ্য যে, বৌদ্ধ ধৰ্মাৱলম্বী তথা সকলোৰে বাবে পবিত্ৰ দিন "বুদ্ধ পূৰ্ণিমা"। বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধৰ জন্ম, জ্ঞানলাভ আৰু মহা পৰিনিৰ্বাণ এই তিনিওটা পৰিঘটনা ব'হাগৰ পূৰ্ণিমাৰ দিনটোতেই হৈছিল বাবেই এই দিনটোক পবিত্ৰ বুদ্ধ পূৰ্ণিমা তিথি হিচাপে পালন কৰা হয় । সমগ্ৰ পৃথিৱীৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই দিনটোতে বৌদ্ধ পূৰ্ণিমা পালন কৰে ।

লগতে পঢ়ক:24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ

ABOUT THE AUTHOR

...view details