মৰাণ ,৭ মে'ঃমৰাণ সমষ্টিৰ নাহৰণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৰ্দৈগুৰিৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক । কৰ্দৈগুৰি আৰু ন-পথাৰ সংযোগী ডিমৌ নদীৰ ওপৰত থকা এই ভগ্ন দলংখনে দীৰ্ঘদিনৰ পৰা জীয়াতু ভোগাই আহিছে প্ৰায় কুৰিৰো অধিক গাঁৱৰ ৰাইজক । ভগ্ন বাঁহৰ দলং খনৰ পৰা পৰি ইতিমধ্যে কেইবাজনো লোক আহত হ'ব লগা হৈছে । অসম গণ পৰিষদ চৰকাৰৰ দিনৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ লৈকে প্ৰতিজন জনপ্ৰতিনিধিকে স্থানীয় ৰাইজে এই দলং খন পকীকৰণৰ বাবে বহু আবেদন নিবেদন কৰিছে যদিও কোনো এখন চৰকাৰেও গুৰুত্ব দিয়া নাই । যাৰ ফলত অনেক কষ্টেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে ।
মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ভগ্নপ্ৰায় বাঁহৰ দলঙেৰে যাতায়ত ৰাইজৰ - মৃত্যুদূতৰূপী বাঁহৰ ভঙা দলং
মৰাণ সমষ্টি উন্নয়নত বিধায়ক চক্ৰ গগৈৰ অলপো কাণসাৰ নথকাৰ অভিযোগ সমষ্টিবাসীৰ ৷ ৰাইজে ভগ্ন দলংখন নিৰ্মাণৰ বাবে বহুবাৰ অনুৰোধ কৰিছে যদিও বিধায়কজনে বৰ্তমানলৈ ৰাইজৰ অনুৰোধক কোনো গুৰুত্ব দিয়া নাই । এই ক্ষেত্ৰত অসম চৰকাৰৰ সহযোগিতা কামনা কৰিছে উপেক্ষিত ৰাইজে ৷
মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত মৃত্যুদূতৰূপী বাঁহৰ ভঙা দলঙেৰে যাতায়ত ৰাইজৰ
শেহতীয়াকৈ পৰিৱৰ্তনকামী চৰকাৰখনৰ বিধায়ক চক্ৰধৰ গগৈক ৰাইজে ভগ্ন দলংখন নিৰ্মাণৰ বাবে বহুবাৰ অনুৰোধ কৰিছে যদিও বিধায়কজনে ৰাইজৰ অনুৰোধক কোনো গুৰুত্ব দিয়া নাই । ইফালে এই সন্দৰ্ভত বিধায়কৰ কাষ চাপিলে কটু বাক্যহে শুনাই বুলি অভিযোগ কৰিছে ৰাইজে । সেয়ে এই ভগ্ন দলংখন নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰৰ সহযোগিতা কামনা কৰিছে ৰাইজে ।