ডিব্ৰুগড়, 2 ছেপ্টেম্বৰ : ইতিহাসৰ পাতত স্ব গৰিমাৰে উজলি থকা অসমৰক এখন অন্যতম চহৰ হৈছে ডিব্ৰুগড় ৷ বৰ লুইতৰ পাৰত ইংৰাজে 180 বছৰ পূৰ্বে সজাই যোৱা চহৰখনৰ চুকে কোনে আজিও সিচঁৰতি হৈ আছে বৃটিছৰ বহু স্মৃতি ৷ ব্ৰিটিছ উপনিৱেশিক শাসনৰ এনে এক ইতিহাস জড়িত চানেকী হৈছে ডিব্ৰুগড় চহৰৰ বৰ্তমান মাৰোৱাৰীপট্টী আৰু ফুলবাগানৰ সমীপত থকা ঐতিহাসিক খ্ৰীষ্টধৰ্মীয় সমাধিস্থল ।
ব্ৰিটিছ শাসন কালত ডিব্ৰুগড় প্ৰতিৰক্ষাৰ দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ ঠাই হিচাপে বিবেচিত হৈছিল । সেই সূত্ৰে ব্ৰিটিছ সেনাই ইয়াত বাহৰ পাতিছিল । বিভিন্ন সময়ত ব্ৰিটিছে স্থানীয় পাহাৰীয়া জাতি,অনন্য জাতি জনগোষ্ঠীৰ লগত যুদ্ধ কৰিব লগীয়া হৈছিল । বুৰঞ্জীৰ তথ্য অনুসৰি সেই সময়তে খামতি সকলৰ হাতত ভালে সংখ্যক ব্ৰিটিছ সেনা বিষয়া কেপ্তেইন,চিপাহি নিহত হৈছিল । সেইসকল সৈন্যক ইয়াতেই সমাধিস্থ কৰা হৈছিল ৷
অৱহেলিত হৈ ৰৈছে ডিব্ৰুগড়ৰ ঐতিহাসিক বৃটিছ সমাধিক্ষেত্ৰ বৰ্তমানেও সুদূৰ ইংলেণ্ডৰ পৰা আহি মাজে সময়ে এই সমাধি সমূহৰ কাষত থিয় হৈ আত্মীয়ৰ হকে প্ৰাৰ্থনা কৰা দেখা যায় কিছু ব্ৰিটিছ লোকক । কোনটো শতিকাত এই সমাধিস্থল প্ৰতিষ্ঠা হৈছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও, ইয়াৰ সমাধিৰ মৃতকৰ কাষত 1700 শতিকাৰ নাম ফলকো দেখা যায় ।
পৰিতাপৰ কথা যে, ডিব্ৰুগড়ৰ ইতিহাসৰ ভেঁটি সুদৃঢ় কৰা এইবিধ সম্পদ সংৰক্ষণত বিশেষ গুৰুত্ব দিয়া নাই চৰকাৰ-প্ৰশাসনে ৷ সমাধিৰ নাম ফলক সমূহৰ লগতে সম্পূৰ্ণ সমাধিস্থলখন কিন্তু বৰ্তমান ধ্বংসৰ গৰাহত । ঘন হাবি, অব্যবহৃত সা সামগ্ৰীৰে ভৰি পৰা সমাধি ক্ষেত্ৰ খনত দোকান পোহাৰ খোলাৰ নামত চলিছে বেদখল ৷ শতিকা পুৰণি এই সম্পদ সমূহ সংৰক্ষণৰ বাবে চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিলে ই অধ্যয়ন তথা গৱেষণাৰ সমলো হ’বগৈ পাৰে ৷
লগতে পঢ়ক :অচিৰেই পৰিৱৰ্তন সাধন হ’ব অসমৰ শিক্ষা বিভাগত