ডিব্ৰুগড়, 24 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তিলৈনগৰ বঙালী গাঁৱত আছে আৰ.বি.ডি. নামৰ এটা ইটাভাটা ৷ মৰাণৰ ৰাণীপথৰ নিবাসী ব্যৱসায়ী ইমৰাণ খানৰ মালিকানাধীন এই ইটা ভাটাটোত বিভিন্ন সময়ত মালিকৰ দ্বাৰা বহু কৰ্মচাৰীয়ে শাৰিৰীক-মানসিক নিৰ্যাতনৰ বলি হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ শেহতীয়াকৈ মালিকজনে ইটাভাটাটোৰ কৰ্মচাৰী এজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, ইটা ভাটাটোত কৰ্মৰত গাড়ী চালক দিপক গুচাইং নামৰ কৰ্মচাৰীজনক মালিক ইমৰাণ খানে নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ গাড়ী চালক দিপক গুচাইঙে পলমকৈ ভাটালৈ অহাৰ অভিযোগেৰে চৰ ভুকু সোধাই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযাগ উত্থাপিত কৰিছে শ্ৰমিক দিপক গুচাইঙে ৷ প্ৰহাৰৰ উপৰিও প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী দিপকে ৷ ইতিমধ্যে ভুক্তভোগীয়ে দিয়া এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত (Brick quarry employee beaten by owner in Moran) ৷
আৰক্ষী থানাখনৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি, সোমবাৰে আৰ বি ডি নামৰ ইটাভাটাটোত কৰ্মৰত গাড়ী চালক দিপক গুচাইঙে আৰ.বি.ডি. নামৰ ইটাভাটাটোৰ স্বত্বাধিকাৰীয়ে তেওঁক প্ৰহাৰ কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগেৰে থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষী বিষয়াগৰাকীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে ইটাভাটাটোৰ স্বত্বাধিকাৰী ইমৰাণ খানক আটক কৰা বুলি জানিবলৈ দিয়ে ৷