মৰাণ, 12 আগষ্ট :এটা যুগৰ অধিক সময় কেৱল প্ৰতিশ্ৰুতিৰ ফুলজাৰিত আৱদ্ধ হৈ থাকিল নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থগোট স্থাপনৰ বিষয়টো । হ'ব, হৈ আছে, হৈ যাব ইত্যাদি বিভিন্ন ধৰণৰ প্ৰলোভনেৰে আজিলৈকে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটোক লৈ প্ৰতিশ্ৰুতিৰ ৰাজনীতি কৰাহে পৰিলক্ষিত হৈছে । প্ৰকৃতাৰ্থত হাতে কামে লাগি কোনো পদক্ষেপ হাতত নোলোৱাত এতিয়া ক্ষুন্ন হৈ পৰিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা ।
উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা হৈছে নামৰূপ সাৰ কাৰখানা । কৃষকৰ ৰাসায়নিক সাৰৰ চাহিদা পূৰণ কৰি অহা নামৰূপ সাৰ কাৰখানাৰ প্ৰথম আৰু দ্বিতীয় গোট দুটা বন্ধ হৈ আছে ৷ ইপিনে মৃতপ্ৰায় সাৰ উদ্যোগটোৰ তৃতীয় গোটটোৱে বৰ্তমান সময়ত পৰ্যাপ্ত পৰিমাণৰ সাৰ উৎপাদন কৰিব পৰা নাই আৰু সেইবাবে অসমৰ বজাৰত সাৰৰ অভাৱ পৰিলক্ষিত হৈছে ৷
তাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এক সংবাদমেলৰ আয়োজন কৰে ৷ ছাত্ৰ সংগঠনটোৱে সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন নোহোৱাৰ বাবে অসমত সৃষ্টি হোৱা সাৰৰ ক’লা বজাৰৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
সংগঠনটোৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে কয় যে, অসমত বছৰি ৫/৫.৩০ মেট্ৰিক টনৰ এখন সাৰৰ বজাৰ আছে ৷ নামৰূপ সাৰ কাৰখানাৰ বৰ্তমানৰ উৎপাদন দি অহা তৃতীয় গোটে সেই সাৰৰ চাহিদা পূৰণ কৰিব নোৱাৰাৰ বাবে ২৫০ টকাৰ ইউৰিয়া বৰ্তমান বজাৰত ৬০০-৭০০ টকাত এটা অসাধু চক্ৰই বিক্ৰী কৰি আহিছে ৷ যাৰ ফলত বছৰি ২৫০ কোটি টকাৰ এখন ক'লা বজাৰ সৃষ্টি কৰিছে ৷