ডিব্ৰুগড়,14 এপ্ৰিল: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাৰ সংক্ৰমণ ৷ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো ক’ভিডৰ ভয়াৱহ পৰিস্থিতি । ডিব্ৰুগড়ৰ লেপেটকটাস্থিত গেছ ক্ৰেকাৰ প্ৰকল্পৰ মুখ্য প্ৰবন্ধক মাধৱজ্যোতি দুৱৰাই ক’ভিডত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰে ।
বিচিপিএলৰ মুখ্য প্ৰবন্ধকৰ ক’ভিডত মৃত্যু - মাধৱ জ্যোতি দুৱাৰাৰ ক’ভিড আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু বৰণ
ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাৰ সংক্ৰমণ ৷ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো ক’ভিডৰ ভয়াৱহ পৰিস্থিতি । ডিব্ৰুগড়ৰ লেপেটকটাস্থিত গেছ ক্ৰেকাৰ প্ৰকল্পৰ মুখ্য প্ৰবন্ধক মাধৱজ্যোতি দুৱৰাৰ ক’ভিডত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ৷
বি চি পি এলৰ মুখ্য প্ৰবন্ধকৰ ক’ভিডত মৃত্যু
ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ বিষয়াগৰাকী শেহতীয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল । ইফালে ব্ৰক্ষপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড অৰ্থাৎ বিচিপিএলৰ কেইবাগৰাকীও কৰ্মকৰ্তা বৰ্তমানে চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :ক'ৰণাকলৈ উদ্বেগ প্ৰকাশ ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাৰ