অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত বোমা বিশেষজ্ঞৰ দলৰ দ্বাৰা আইইডি বিস্ফোৰণ

ডিব্ৰুগড়ৰ পল্টনবজাৰস্থিত সেনা চাউনীত দুটাকৈ শক্তিশালী আইইডি বিস্ফোৰণ ঘটায় বোমা বিশেষজ্ঞৰ দলে ৷

Bomb Squad to burst IED at Dibrugarh
ডিব্ৰুগড়ত আইইডি বিস্ফোৰণৰ চেষ্টা 'Bomb Squad'ৰ

By

Published : May 29, 2020, 12:16 PM IST

Updated : May 29, 2020, 3:37 PM IST

ডিব্ৰুগড়,29 মেঃ ডিব্ৰুগড়ৰ পল্টনবজাৰস্থিত সেনা চাউনীত দুটাকৈ শক্তিশালী আইইডি বিস্ফোৰণ ঘটায় বোমা বিশেষজ্ঞৰ দলে । উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা সেনাই অভিযান চলাই টিংখাঙৰ বাইলুং ভেটি অঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল জান্টু বৰুৱা নামৰ এগৰাকী সক্ৰিয় আলফা স্বাধীনৰ সদস্য । এই সদস্যজনৰ পৰাই উদ্ধাৰ কৰা হৈছিল দুটাকৈ শক্তিশালী আইইডি । সেনা চাউনীৰ কাষৰ মুকলি পথাৰত এই আইইডি দুটা বিস্ফোৰণ কৰে বোমা বিশেষজ্ঞই ৷

ডিব্ৰুগড়ত আইইডি বিস্ফোৰণৰ চেষ্টা 'Bomb Squad'ৰ

ইয়াৰ উপৰিও সদস্যজনৰ পৰা এটা 7পইণ্ট 65 এম এম পিষ্টল, মেগজিন আৰু কেইবাটাও সক্ৰিয় গুলিসহ বহু আপত্তি জনক নথিপত্ৰ জব্দ কৰিছিল সেনাই । সেনাই জনোৱা অনুসৰি, টিংখাং বাইলুং ভেটিৰ নিজা বাসগৃৰ পৰা মাজনিশা গ্ৰেপ্তাৰ কৰা হৈছিল জান্টু বৰুৱাক। আলফাত সদস্য ভৰ্তিৰ উপৰিও বহুটো কূটাঘাটসমূলক অভিযানৰ সৈতে জড়িত আছিল সদস্যজন ।

বোমা বিশেষজ্ঞৰ দলৰ দ্বাৰা আইইডি বিস্ফোৰণ


আলফা নেতা অভিজিত গগৈৰ লগতে আন বহু বিদ্ৰোহী সংগঠনৰে সম্পৰ্ক থকা সদস্য জন কিছুদিন পূৰ্বে ম্যানমাৰ সিমান্ত পৰা আহিছিল ।

লগতে পঢ়ক-29ৰ পৰা 31 মে'লৈ বন্ধ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

Last Updated : May 29, 2020, 3:37 PM IST

ABOUT THE AUTHOR

...view details