ডিব্ৰুগড়, 26 নৱেম্বৰ:ডিব্ৰুগড়ৰ লেপেটকটাত ভয়ংকৰ পথ দুৰ্ঘটনাই একেলগে প্ৰাণ কাঢ়িলে 6 গৰাকীকৈ লোকৰ ৷ বৰযাত্ৰী কঢ়িয়াই অনা এখন বলেৰ' বাহনে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈ বলেৰ' খনত থকা ছয় গৰাকী লোকৰ মৃ্ত্যু হয় ৷
বৰযাত্ৰী কঢ়িয়াই অনা বলেৰ' দুৰ্ঘটনাগ্ৰস্ত , 6 জনৰ মৃত্যু - বৰযাত্ৰী কঢ়িয়াই অনা বলেৰ' দুৰ্ঘটনাগ্ৰস্ত
বৰযাত্ৰী কঢ়িয়াই অনা বলেৰ' দুৰ্ঘটনাগ্ৰস্ত হৈ 6 গৰাকীৰ মৃত্যু ৷ ডিব্ৰুগড় লেপেটকটাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷
![বৰযাত্ৰী কঢ়িয়াই অনা বলেৰ' দুৰ্ঘটনাগ্ৰস্ত , 6 জনৰ মৃত্যু বৰযাত্ৰী কঢ়িয়াই অনা বলেৰ' দুৰ্ঘটনাগ্ৰস্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9668524-137-9668524-1606364574869.jpg)
বৰযাত্ৰী কঢ়িয়াই অনা বলেৰ' দুৰ্ঘটনাগ্ৰস্ত
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়
ধেমাজিৰ পৰা কূটোহা অভিমুখে আহি থকা অৱস্থাত পথ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাৰ ঠিক পাছ মুহূৰ্ততে যাত্ৰী কেইগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
ধেমাজিৰ পৰা কূটোহা অভিমুখে আহি থকা অৱস্থাত পথ দুৰ্ঘটনাটো সংঘটিত হয়
নিহত লোক কেইগৰাকী দেৱ বৰা, হেম বৰা, মদন বৰা, জীৱক শইকীয়া,প্ৰকাশ দাস, কনপাই ভূঞা বুলি জানিব পৰা গৈছে ৷ নিহত লোক কেইজনৰ ঘৰ ডিব্ৰুগড়ৰ ভগামূৰত বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:ক'ভিড-19ঃ কি কি নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ?
Last Updated : Nov 26, 2020, 11:50 AM IST