অসম

assam

ETV Bharat / state

মৰাণত দুখনকৈ ব’হাগী মহোৎসৱ বাতিল

মৰাণত 27-28 এপ্ৰিলত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰূপালী জয়ন্তী বৰ্ষৰ ব’হাগী মহোৎসৱ বাতিল ৷ ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত উদ্যোক্তাসকলৰ ৷ লগতে ঐক্য মঞ্চ মৰাণৰ একাদশ বাৰ্ষিক সন্মিলিত ব’হাগী মহোৎসৱো বাতিল ৷

bohagi mahotsav cancelled at moran
মৰাণত ব’হাগী মহোৎসৱ বাতিল

By

Published : Apr 27, 2021, 7:27 AM IST

মৰাণ,27 এপ্ৰিল: মৰাণত মঙলবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ব’হাগী মহোৎসৱ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উদ্যোক্তাসকলে ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষৰ ব’হাগী মহোৎসৱখনি 27-28 এপ্ৰিলত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷

মৰাণত ব’হাগী মহোৎসৱ বাতিল

কিন্তু সম্প্ৰতি দেশৰ সকলো প্ৰান্ততে ক’ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জন সাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰা হয় ৷ আনহাতে সন্মিলনীত জনগোষ্ঠীৰ ঐক্য মঞ্চ মৰাণৰ উদ্যোগত একাদশ বাৰ্ষিক সন্মিলিত ব’হাগী মহোৎসৱখনি তিলৈজান চাহ বাগিচাত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছিল ৷ অৱশেষত এই অনুষ্ঠানৰো সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৷

মৰাণত ব’হাগী মহোৎসৱ বাতিল

উদ্যোক্তাসকলে কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ জৰিয়তে কাৰ্যসূচীৰ সামৰণি মাৰিব । উল্লেখ্য যে, মৰাণত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ সোমবাৰে এগৰাকী ৰোগীৰ মৃত্যু হৈছিল ৷ ইয়াকে লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক ।

লগতে পঢ়ক :মানাহ ৰাষ্ট্ৰীয় উদ্যানত কি কৰিছে বিপিএফৰ প্ৰাৰ্থী সকলে ?

ABOUT THE AUTHOR

...view details