অসম

assam

মৰাণত ব'হাগী বাণিজ্য মেলাৰ উদ্বোধন

By

Published : Apr 8, 2021, 11:01 PM IST

মৰাণত অনুষ্ঠিত হৈছে ব'হাগী বাণিজ্য মেলা ৷ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭ খন পঞ্চায়তৰ ২৬ টা আত্মসহায়ক গোটৰ উদোগত আয়োজিত ব'হাগী বাণিজ্য মেলাত আত্মসহায়ক গোট সমূহে থলুৱাভাৱে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ উপকৰণৰ বিপণি দিয়ে ৷ লগতে অসমীয়া শিপিনীয়ে নিজ হাতে তৈয়াৰ কৰা বিহুৱান তথা বিভিন্ন সাজ-পাৰৰো প্ৰদৰ্শন কৰা হৈছে ৷

bohagi banijjaya mela
মৰাণত বহাগী বাণিজ্য মেলাৰ দুৱাৰ মুকলি কৰিলে মৰাণ ৰাজহ চক্ৰ বিষয়াই

মৰাণ, 8 এপ্ৰিল : বৃহস্পতিবাৰে মৰাণত আৰম্ভ হৈছে ব'হাগী বাণিজ্য মেলা ৷ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭ খন পঞ্চায়তৰ ২৬ টা আত্মসহায়ক গোটৰ উদোগত আয়োজিত ব'হাগী বাণিজ্য মেলাৰ শুভ উদ্বোধন কৰে মৰাণৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে ৷ এই মেলাত আত্মসহায়ক গোট সমূহে থলুৱাভাৱে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ উপকৰণৰ বিপণি দিয়াৰ লগতে অসমীয়া শিপিনীয়ে নিজ হাতে তৈয়াৰ কৰা বিহুৱান তথা বিভিন্ন সাজ-পাৰৰ প্ৰদৰ্শন কৰা হয় ৷

ব'হাগী বাণিজ্য মেলাৰ দুৱাৰ মুকলি কৰি উদ্বোধনী অনুষ্ঠানত ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে আত্মসহায়ক গোটসমূহক প্ৰশংসা কৰি কয় যে, এই বাণিজ্য মেলাৰ যোগেদি অসমীয়া উপকৰণ আৰু সাজ-পাৰৰ চাহিদা বৃদ্ধি পাইছে ৷ এই ক্ষেত্ৰত আত্মসহায়ক গোট সমূহে এক সুন্দৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে বুলি ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :ৰঙালী বিহুলৈ প্ৰস্তুতিৰ কিছু আলোকচিত্ৰ

ABOUT THE AUTHOR

...view details