অসম

assam

By

Published : Feb 3, 2023, 2:18 PM IST

ETV Bharat / state

Leopard recovered: টিংখাঙত দুদিনত দুটাকৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড় জিলাৰ টিংখাঙত বাঘৰ টিঘিলঘিলনি ৷ টিংখাঙত একেৰাহে দুটা দিনত দুটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Two body of Leopard recovered in two days)।

two-body-of-leopard-recovered-in-two-days-at-tingkhang
টিংখাঙত দুদিনত দুটাকৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

টিংখাঙত দুদিনত দুটাকৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

মৰাণ, 3 ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ প্ৰতিটো প্ৰান্ততে এতিয়া বাঘৰ মুক্ত বিচৰণে জ্বলাকলা খুৱাইছে ৰাইজক (Tiger terror in Dibrugarh)। ডিব্ৰুগড়ৰ জিলাৰ চহৰ অঞ্চলৰ পৰা গ্ৰাম্য অঞ্চললৈ প্ৰতিদিনে বাঘে আতংক সৃষ্টি কৰি অহাৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে। জিলাখনৰ প্ৰায়সমূহ অঞ্চলতে বাঘে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰাৰ লগতে মানুহকো আক্ৰমণ কৰাৰ ফলত আতংকিত হৈছে স্থানীয় লোকসকল ৷

ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখাঙত বিগত দুটা দিনত ৰহস্যজনকভাৱে দুটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Two body of Leopard recovered in two days)। বৃহস্পতিবাৰে টিংখাঙৰ তিনিআলি চাহ বাগিচাত এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বাগিচাত কাম কৰি থকা সময়তে এজন শ্ৰমিকে বাঘৰ মৃতদেহটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে (Two body of Leopard recovered at Tingkhang) ৷

বন বিভাগে খবৰ লাভ কৰাৰ পাছতেই বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ উল্লেখযোগ্য যে বুধবাৰৰ দিনটোতো একেখন বাগিচাতে অন্য এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ বাঘৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও দুটা দিনৰ ভিতৰতে দুটাকৈ নাহৰফুটুকী বাঘৰ মৃত্যুৰ ঘটনাই সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বুধবাৰে উদ্ধাৰ হোৱা মৃত বাঘটোৰ মৃতদেহ বন বিভাগে (Forest department investigation is on) মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে যদিও এই মুহূৰ্তলৈকে বাঘ দুটাৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই বন বিভাগে ৷ বন বিভাগে অনুমান কৰা অনুসৰি খাদ্যৰ সন্ধানত ওলাই অহা বাঘ দুটাই কাজিয়াত লিপ্ত হৈ আহত হোৱাৰ ফলতেই মৃত্যুক সাৱটি লয়।

বিগত বৰ্ষত ডিব্ৰুগড় জিলাৰ খোৱাং চাহ বাগিচাত বাঘৰ আক্ৰমণত দুগৰাকী শ্ৰমিক আহত হৈছিল (Leopard attack in Dibrugarh)। মহিলা দুগৰাকীৰ নাম আছিল আচিৰিতা কুজুৰ (২৬) আৰু অনিতা তিৰ্কী (২৫) । খোৱাং বাগানৰ নাৰ্চাৰীত পাত তুলি থাকোতে এটা নাহৰফুটুকী বাঘে আক্ৰমণ কৰিছিল দুয়োগৰাকীকে । উল্লেখ্য যে, খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খোৱাং অঞ্চলত ইয়াৰ পূৰ্বেও বাঘৰ আক্ৰমণত বহু কেইগৰাকী লোক আহত হৈছিল ।

লগতে পঢ়ক:Leopard Attacks: নাহৰফুটুকীৰ আক্ৰমণত এটি কিশোৰ আহত

ABOUT THE AUTHOR

...view details