মৰাণ,15 জুন : ৰক্তদানৰ দৰে মহান কামৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে প্ৰতিবছৰে 14 জুনত বিশ্ব ৰক্তদান দিৱস পালন কৰা হয় ৷ নবেল বঁটা বিজয়ী বিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম বাৰ্ষিকীত এই দিৱস পালন কৰা হয় ৷ কাৰ্ল লেণ্ডষ্টেইনাৰ আছিল এজন প্ৰখ্যাত জীৱ বিজ্ঞানী, তেওঁ আছিল তেজৰ গ্ৰুপৰ আবিষ্কাৰক ৷
2004 চনত বিশ্ব স্বাস্থ্য সংস্থাই পোন প্ৰথমবাৰৰ বাবে বিশ্ব ৰক্তদান দিৱসৰ আৰম্ভণি কৰে ৷ তেতিয়াৰে পৰা এই দিৱস প্ৰতিবছৰে পালন কৰি অহা হৈছে ৷ 1968 চনৰ 14 জুনত জন্ম লাভ কৰা জীৱ বিজ্ঞানীগৰাকীৰ জন্মদিনটোতে বিশ্ব ৰক্তদান দিৱস পালন কৰি অহা হৈছে ৷ গোটেই বিশ্বজুৰি এই দিনটোত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব ৰক্তদান দিৱস পালন কৰা হয় ৷