ডিব্ৰুগড় , ২৪ ডিচেম্বৰ :সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্য়া কিছু কমিছে যদিও এতিয়াও সম্পূৰ্ণৰূপে মহামাৰীবিধৰ পৰা সম্পূৰ্ণৰূপে উপশম পোৱা নাই । প্ৰতিষেধক প্ৰস্তুতৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তত চেষ্টা অব্য়াহত আছে ।
ইয়াৰ মাজতে ডিব্ৰুগড় জিলা প্ৰশাসন গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ । ডিব্ৰুগড়ত ক'ভিড-১৯ ছেৰ'লজিকেল চাৰ্ভেৰ বাবে জিলাখনৰ বিভিন্ন ব্যক্তিৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে । সমাজৰ বিভিন্ন স্তৰৰ লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ SARS CoV2 এণ্টিবডীৰ উপস্থিতি নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে এই পদক্ষেপ হাতত লৈছে । বৃহস্পতিবাৰেও স্বাস্থ্যকৰ্মী সকলে জিলা খনৰ বিভিন্ন স্থানৰ শিশু, পুৰুষ, মহিলা উভয়ৰে পৰা তেজৰ নমুনা সংগ্ৰহ কৰে ।