মৰাণ, 15 অক্টোবৰ: মৰান ৰাজহচক্ৰৰ অন্তৰ্গত নিগমৰ সাপ্তাহিক বজাৰলৈ যোৱা পথৰ দুৰৱস্থাৰ ফলত জ্বলা কলা খাইছে মৰানবাসী ৰাইজে ৷ বিভাগীয় ঠিকাদাৰৰ অদূৰদৰ্শিতা তথা নিম্ন মাণদণ্ডৰে বাৰে বাৰে পথটো নিৰ্মাণ কৰি আহিছে যদিও অলপ দিনতে পুনৰ আগৰ ৰূপ লয় পথটোৱে ৷ এইবাৰো পথটো নিৰ্মাণৰ এমাহৰ পিচতে ব্লেকটপিং এৰি দ' গাঁতৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ গড়কাপ্তানি পথ সংমণ্ডলৰ গ্ৰাম্য পথ সংমণ্ডলস্থিত ডিব্ৰুগড় সাপেখাটি সংযোগী পথটোৰ নতুন ভৰালীৰ প্ৰভাতী চাৰি আলিৰ পৰা নিগমৰ সাপ্তাহিক শুকুৰবৰীয়া বজাৰলৈ যোৱা পথচোৱাৰ নিৰ্মাণৰ কাম ইতিমধ্যে বহুবাৰ হাতত লোৱাৰ পাচতো যাতায়তৰ বাবে পথটো সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে ৷ স্থানীয় নিগম, ভৰালী মেচলৌ চৰাইহাবি, হৰেঘাট, পানী নিগম আদি গাৱঁৰ জনসাধাৰণে অভিযোগ কৰিছে যে, পথ নিৰ্মাণকাৰী বিভাগীয় ঠিকাদাৰৰ অদূৰদৰ্শিতাৰ বাবেই পথটোৰ পকী অংশৰ পৰা ব্লেকটপিং এৰাই যোৱাৰ লগতে দ' গাঁতৰ সৃষ্টি হোৱাত যাতায়ত বিঘ্নিত হৈ পৰিছে ৷