ডিব্ৰুগড়,20 জুন :কৰ'ণাৰ(Corona) সমান্তৰালকৈ দেশত ব্লেক ফাংগাছেও ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা গৈছে । শেহতীয়াকৈ ব্লেক ফাংগাছত(Black Fungus) আক্ৰান্ত হৈ কেইবাখনো ৰাজ্যত বহুলোকৰ মৃত্যু হৈছে । অসমতো পোৱা গৈছে এই মাৰাত্মক ব্লেক ফাংগাছৰ উপস্থিতি । গুৱাহাটীৰ পিছত এইবাৰ ডিব্ৰুগড় জিলাতো ধৰা পৰিছে ব্লেক ফাংগাছ ।
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ(AMCH) এগৰাকী ৰোগীৰ দেহত ব্লেক ফাংগাছৰ উপস্থিতি ধৰা পৰিছে । দেশৰ আন ঠাইত ব্লেক ফাংগাছৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ পাছতো অৱশেষত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ১৫ জুনত লখিমপুৰৰ পৰা আহি ভৰ্তি হোৱাৰ এগৰাকী ৰোগীৰ দেহত ধৰা পৰে এই ভয়ংকৰ ভাইৰাছবিধৰ উপস্থিতি । অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ৰোগী গৰাকীৰ বিষয়ে অৱগত কৰি কয় যে, ১ জুনৰ পৰা ১২ জুন পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈ লখিমপুৰ চিভিল হাস্পতালত(Lakhimpur Civil Hospital) ভৰ্তি হৈ থকা লোকজনৰ ক'ভিড নিগেটিভ হোৱা পাছত উশাহ লোৱাত অসুবিধা হৈছিল আৰু তাৰ পাছতেই অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁক । প'ষ্ট কভিড(Post Covid) হিচাপে তেওঁৰ তৎক্ষণিক চিকিৎসা আৰম্ভ কৰোতে এই মাৰাত্মক ব্লেক ফাংগাছৰ উপস্থিতি ধৰা পৰে লোকজনৰ দেহত ।