অসম

assam

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উৰিল ক’লা পতাকা - High admission fee of Dibrugarh University

শান্ত হোৱা নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ ৷ এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উৰিল ক’লা পতাকা (Black flag hoisted at Dibrugarh University) ৷ মাচুল বৃদ্ধিৰ বিৰোধিতাৰে এইবাৰ ক’লা পতাকা উৰুৱাই এইবাৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত সাব্যস্ত কৰে প্ৰতিবাদ ৷

Black flag hoisted at Dibrugarh University
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উৰিল ক’লা পতাকা

By

Published : Aug 27, 2022, 7:19 PM IST

ডিব্ৰুগড়, 27 আগষ্ট :মাচুল বৃদ্ধিৰ বিৰোধিতাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঞ্চম দিনাও অব্যাহত আছে প্ৰতিবাদ । বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ মাচুল 33 শতাংশলৈ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ’ৰাত উৰুৱালে ক’লা পতাকা (Black flag hoisted at Dibrugarh University) ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উৰিল ক’লা পতাকা

মাচুল বৃদ্ধিৰ সংক্ৰান্তত শুক্ৰবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰে হোৱা আলোচনা ব্যৰ্থ হোৱাৰ পিছত ক’লা পতাকা প্ৰদৰ্শনেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ (Student protest at Dibrugarh University) । অন্যহাতে, বিশ্ববিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ বাবে মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰাত বিশ্ববিদ্যালয়লৈ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই 15 লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা । কিন্তু মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান বিশ্ববিদ্যালয় প্ৰশাসনক ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উৰিল ক’লা পতাকা

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাচুল বৃদ্ধিৰ সিদ্ধান্ত (High admission fee of Dibrugarh University) বাতিল নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদ মৰাণ মহাবিদ্যালয়ত

ABOUT THE AUTHOR

...view details