মৰাণ,২ জুন :ৰাজ্যৰ ভয়ানক ক'ভিড পৰিস্থিতিত চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে সন্মুখৰ পৰাই সেৱা আগবঢ়াইছে । কিন্তু মঙলবাৰে হোজাই জিলাৰ উদালীত এটা ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসকক একাংশ লোকে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যিটো সময়ত চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মীসকলে নিজৰ জীৱনৰ কথা চিন্তা নকৰি ক'ভিড ৰোগীৰ সেৱাত দিনে-নিশাই ব্যস্ত হৈছে তেনে সময়ত হোজাইৰ উদালীত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীক কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দি বুধবাৰে মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
মৰাণত ক'লা বেজ পৰিধান কৰি চিকিৎসকৰ প্ৰতিবাদ - hojai udali incident
হোজাইত চিকিৎসকৰ আক্ৰমণৰ ঘটনাৰ পাছতে মৰাণত ক'লা বেজ পৰিধান কৰি চিকিৎসকৰ প্ৰতিবাদ । বহিঃবিভাগ বন্ধ কৰি কেৱল ক'ভিড আৰু জৰুৰী সেৱা প্ৰদান কৰিছে মৰাণ ৰাজ্যিক চিকিৎসালয়ত ।
মৰাণত ক'লা বেজ পৰিধান কৰি চিকিৎসকৰ প্ৰতিবাদ
লগতে চিকিৎসালয়খনৰ বহিঃ বিভাগৰ চিকিৎসা সেৱা সম্পূৰ্ণ বন্ধ কৰি কেৱল ক'ভিড আৰু জৰুৰী সেৱা প্ৰদান কৰিছে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসকসকলে । এই ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ লগতে চিকিৎসকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাই মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক হিমাংশু বৰাই ।
লগতে পঢ়ক:ছয়গাঁৱত পথ দুৰ্ঘটনাত নিহত এক
Last Updated : Jun 2, 2021, 9:16 PM IST