মৰাণ, ২৭ ছেপ্টেম্বৰ:অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ (Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP national President J P Nadda) ৷ অহা ৭ অক্টোবৰত অসমত উপস্থিত হৈ ৯ অক্টোবৰলৈকে অসমতে থাকিব নেতা দুগৰাকী ৷
ইতিমধ্য ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ পৰা দলীয় কৰ্মকৰ্তাক সভালৈ নিয়াৰ দায়িত্ব প্ৰদান কৰিলে মন্ত্ৰী-বিধায়ক সকলক (BJPs preparatory meet in Moran)। মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ সমষ্টিৰ বাহিৰত থকা বাবে মন্ত্ৰী যোগেন মহনে প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰি মৰাণ সমষ্টিৰ পৰা তিনি শতাধিক কৰ্মী ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীৰ সভালৈ যোৱাতো নিশ্চিত কৰে । ৰাজ্যৰ আন সমষ্টি সমূহৰ দৰে মৰাণ সমষ্টিৰ বিজেপি কৰ্মীসকল চাৰিখনকৈ বাছ আৰু ৰেল যোগে যাব সভালৈ লৈ যোৱা হ’ব ।