টিংখাং, 5 আগষ্টঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে টিংখাঙৰ বিধায়ক বিমল বড়াক বাংলাদেশীৰ চৰদাৰ মন্তব্য কৰাৰ পাছতে সংগঠনটোৰ ওপৰত সৰৱ হৈ পৰিছে বিজেপি যুৱ মৰ্চা টিংখাং মণ্ডল সমিতি ৷ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি কৃষক মুক্তিয়ে কৰা এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে বিজেপি যুৱ মৰ্চা টিংখাং মণ্ডল সমিতিয়ে ৷
লগতে পঢ়কঃবৰপেটাত জব্দ দুটা অবৈধ কাঠফলা কল
দৰাচলতে, দুদিন পূৰ্বে কৃষক মুক্তিয়ে টিংখাঙৰ ৰাজগড়ত এখন সংবাদমেল পাতি বিজেপিৰ চৰকাৰৰ লগতে টিংখাঙৰ বিধায়ক বিমল বড়াৰ বিৰুদ্ধেও তীব্ৰ অভিযোগ উত্থাপন কৰে ৷ লগতে বিধায়ক বিমল বড়াক বাংলাদেশীৰ চৰদাৰ আখ্যা দিয়ে সংগঠনটোৱে । বিধায়ক বিমল বড়াৰ বিৰুদ্ধে কৃষক মুক্তিয়ে অনা এই অভিযোগৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে টিংখাঙৰ বিজেপিৰ মহলত।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ বিৰোধিতা বিজেপি যুৱ মৰ্চাৰ জাঙুৰ খাই উঠিছে বিজেপি টিংখাং মণ্ডল যুৱ মৰ্চাৰ সদস্য সকল । বুধবাৰে টিংখাং বিধায়কৰ কাৰ্যালয়ত মণ্ডল যুৱ মৰ্চাই এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষক মুক্তিৰ এনে মন্তব্যৰ তীব্র বিৰোধিতা কৰে ৷ লগতে ভৱিষ্যতৰ দিনত এনে মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে বিজেপি মৰ্চাৰ সদস্যসকলে ৷ লগতে টিংখাঙত হৈ অহা উন্নয়নৰ গতি ধাৰাত বাধা দিয়াৰ চেষ্টা নকৰিবলৈও সকিয়াই দিয়ে । অন্যথা ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ টিংখাং মণ্ডল যুৱ মৰ্চা প্ৰতি মুহূৰ্তত সাজু হৈ আছে মন্তব্য কৰে বিজেপি মৰ্চাৰ সদস্যসকলে ৷