ডিব্ৰুগড়, 3 জুন : ৰাজ্যজুৰি অব্যাহত থকা ক’ভিডৰ ভয়াৱহতাকলৈ লৈ তৎপৰ বিজেপিৰ তৃণমূল কৰ্মী। কেৱল দলীয় কামতেই নহয় ক’ভিডৰ ভয় সংশয়ৰ মাজতো নিজ নিজ পঞ্চায়তৰ ৰাইজৰ কাষত দেখা গৈছে ডিব্ৰুগড়ৰ একাংশ বিজেপি কৰ্মীক ।
উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰিং ডাইনীজান পঞ্চায়তত ক'ভিড-19 ৰ বিৰুদ্ধে সজাগতা অভিযানত মাস্ক বিতৰণ আৰু ছেনিটাইজেছন কাৰ্যসূচী আদিত সক্ৰিয়তাৰে আগ-ভাগ লৈছে চিৰিং ডাইনীজান পঞ্চায়তৰ বিজেপে সভাপতি মনোজ সোনোৱাল, চিৰিং ডাইনীজানৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা বৰ্ণালী সোনোৱাল, চিৰিং ডাইনীজান পঞ্চায়তৰ সম্পাদক ওমা শংকৰ চাহু, ৱাৰ্ড মেম্বাৰ পৰেশ দাস লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে ৷