মৰাণ,১০ ফেব্ৰুৱাৰী :মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিদেৰ্শ অনুসৰি চৰকাৰী আঁচনি প্ৰদানৰ নামত কোনেও ল'ব নোৱাৰিব ধন । লগতে বলপূৰ্বকভাৱে সংগ্ৰহ কৰিব নোৱাৰিব চান্দা । কিন্তু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ নামানে মন্ত্ৰী বিমল বৰাৰ সমষ্টিৰ টিংখাঙৰ একাংশ বিজেপি কৰ্মীয়ে । কিয়নো টিংখাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বিজেপি কৰ্মীৰ বিৰুদ্ধে (Bjp workers looted in Moran)।
আনকি বিপদত পৰিছে পঞ্চায়ত সভানেত্ৰী । এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ কেন্দুগুৰী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত । ৱাৰ্ডটোৰ একাংশ দৰিদ্ৰ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ প্ৰলোভন দি স্থানীয় কেইজনমান বিজেপি কৰ্মীয়ে ১০০ টকাকৈ সংগ্ৰহ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সহযোগ নিধিৰ একোটা টিকট প্ৰদান কৰিছে ।