মৰাণ, 23 জানুৱাৰী :সচৰাচৰ ৰাজ্যৰ একাংশ দল-সংগঠনক চান্দা সংস্কৃতিৰ ধ্বজ্জাবাহক বুলি আখ্যা দি দল-সংগঠনে চান্দা সংগ্ৰহ কৰা নীতিৰ তীব্ৰ বিৰোধিতা কৰি আহিছে দেশ তথা ৰাজ্যৰ শাসনৰ মছনদত অধিস্থিত বিজেপি দলে ৷ সময়ে সময়ে মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ নেতা-মন্ত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে তৃণমূল পৰ্যায়ৰ সদস্যলৈকে প্ৰায় ভাগেই বিভিন্ন মাধ্যমত সামাজিকভাৱে একাংশ দল-সংগঠনক চান্দা সংগ্ৰহৰ বাবে উপহাস কৰি অহা দেখা গৈছে ৷
চান্দা পাৰ্টী বুলি আন আদৰ্শৰ দল-সংগঠনক গৰিহণা দি অহা বিজেপিৰ একাংশ নেতা কৰ্মীয়ে নিজেও পিছে সময়ে সময়ে চান্দা সংগ্ৰহ কৰি অহাৰ ঘটনাই বিতৰ্কৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ আনহে নালাগে চান্দা তুলি দুখীয়া মানুহক হাৰাশাস্তি কৰাৰ বিপক্ষে খোদ মুখ্যমন্ত্ৰীয়ে সচৰাচৰ দি অহা কথোৰ সকিয়নীকো যেন এতিয়া ভ্ৰূক্ষেপই কৰা নাই বিজেপিৰে এচাম পালি নেতাই ৷ শেহতীয়াকৈ অভিযোগ উত্থাপিত হৈছে যে, অৰুণোদয় আঁচনি পোৱা মহিলাৰ পৰাও ধন সংগ্ৰহ বিজেপিৰ এচাম পালি নেতাই (Allegation of illegal fund collection against BJP leaders) ৷
আঁচনিৰ ধন লাভ কৰা মহিলাৰ পৰা ১০০ টকাকৈ সংগ্ৰহ কৰি অহা বিজেপিৰ এনে নেতাই ধন নিদিলে আঁচনি বন্ধ কৰি দিয়াৰ ভাবুকি দিয়া বুলিও উত্থাপিত হৈছে অভিযোগ (Scam in Orunodoi Scheme implementation) ৷