অসম

assam

By

Published : Aug 2, 2022, 12:56 PM IST

ETV Bharat / state

BJP leader misbehaves : চাবুৱাত বিজেপি চাহ মৰ্চাৰ নেতাৰ নিকৃষ্ট কাণ্ড

চাবুৱাত বিজেপি চাহ মৰ্চাৰ নেতাৰ কু-কাণ্ড । জলপানি আঁচনিৰ বিষয়ে জানিবলৈ যোৱা চাহ জনগোষ্ঠীৰ যুৱতীক অশালীন ব্যৱহাৰ বিজেপি নেতাৰ (BJP leader misbehaves with girl in Chabua)। বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা । নেতাৰ বিৰুদ্ধে দল লগতে চৰকাৰক বিহীত ব্যৱস্থা ল'বলৈ আহ্বান ।

BJP leader misbehaves
চাবুৱাত বিজেপি চাহ মৰ্চাৰ নেতাৰ নিকৃষ্ট কাণ্ড

মৰাণ,২ আগষ্ট :যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাৰী সুৰক্ষাৰ লগতে বিশেষকৈ চাহ বাগিছা অঞ্চলত মহিলা-যুৱতীসকলক সুৰক্ষা প্ৰদান বিষয়ত গুৰুত্ব প্ৰদান কৰিছে সেই সময়তে স্বয়ং শাসকীয় দলৰে এজন চাহ জনগোষ্ঠীয় নেতাৰ কু-কাণ্ডই আতংকিত কৰি তুলিছে চাবুৱা চাহ বাগিছাৰ যুৱতীসকলক । বিজেপি চাহ মৰ্চাৰ নেতাজনৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈছে যুৱতীসকল । অভিযোগ অনুসৰি চাবুৱা চাহ বাগিছাৰ অন্তৰ্গত দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতীয়ে চৰকাৰৰ দয়ালদাস পানিকা জলপানি সন্দৰ্ভত সবিশেষ জনাৰ উদ্দেশ্যে চাহ মৰ্চাৰ নেতা নবীন নাগৰ ওচৰলৈ গৈছিল ।

সেই সূত্ৰে জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলাৰ সহকাৰী সাধাৰণ সম্পাদক তথা বিজেপি চাহ মৰ্চাৰ ডিব্ৰুগড় জিলাৰ সম্পাদক নবীন নাগে যুৱতীসগৰাকীৰ ফোন নম্বৰ লৈছিল । কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে জলপানিৰ বিষয়ে বুজ ল'বলৈ যোৱা যুৱতীগৰাকীক নবীন নাগে নিশা ম’বাইলত প্ৰেৰণ কৰে অশালীন মেছেজ (BJP leader misbehaves with tea tribe girl)। নেতাগৰাকীৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰে যুৱতীগৰাকী ।

চাবুৱাত বিজেপি চাহ মৰ্চাৰ নেতাৰ নিকৃষ্ট কাণ্ড

লগে লগে চাহ জনগোষ্ঠীৰ নেতাগৰাকীৰ বিষয়ে যুৱতীগৰাকীয়ে আটছাক (অসম চাহ জনজাতি ছাত্ৰ সন্থা) অভিযোগ কৰে । শাসকীয় দলৰ এগৰাকী নেতাৰ এনে কৰ্মকাণ্ড দেখি আটছাৰ বিষয়ববীয়াসকল আচৰিত হৈ পৰিছে । লগতে তেনে লম্পট নেতাৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰ তথা শাসকীয় দলত দাবী জনাইছে ।

লগতে পঢ়ক :Drug seized at Chabua: চাবুৱাত আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details