অসম

assam

ETV Bharat / state

শান্তি সমদলৰ পিচত এইবাৰ বিজেপিৰ সংকল্প সমাৰোহ - নাগৰিকত্ব সংশোধনী আইন

ডিব্ৰুগড়ত ব্যাপক আয়োজন বিজেপিৰ বৃহৎ সংকল্প সমাৰোহৰ ৷ ইতিমধ্যেই সংকল্প সমাৰোহ হ’বলগীয়া স্থানসমূহৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ দেওবাৰে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ বিধায়কসকলৰ সৈতে এই সংকল্প সমাৰোহৰ পৰিকল্পনা সফল কৰাৰ বাবে বৈঠক ৷

BJP Sankalpa Yatra in Dibrugarh
শান্তি সমদলৰ পিচত এইবাৰ বিজেপিৰ সংকল্প সমাৰোহ

By

Published : Feb 9, 2020, 5:39 PM IST

ডিব্ৰুগড়, 9 ফেব্ৰুৱাৰীঃ শান্তি সমদলৰ পিচত এইবাৰ বিজেপিৰ সংকল্প সমাৰোহৰ আয়োজন বিজেপিৰ ৷ ডিব্ৰুগড়ত ব্যাপক আয়োজন বিজেপিৰ বৃহৎ সংকল্প সমাৰোহৰ ৷ ইতিমধ্যেই সংকল্প সমাৰোহ হ’বলগীয়া স্থানসমূহৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ দেওবাৰে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ বিধায়কসকলৰ সৈতে এই সংকল্প সমাৰোহৰ পৰিকল্পনা সফল কৰাৰ বাবে বৈঠক ৷ এই বৈঠকত উপস্থিত থাকে নৱ-নিযুক্ত মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মোহন ৷

শান্তি সমদলৰ পিচত এইবাৰ বিজেপিৰ সংকল্প সমাৰোহ

আনহাতে ডিব্ৰুগড়ৰ দাঁতি কাষৰীয়া চিৰিং ডাইনীজানত স্থান পৰিদৰ্শন কৰি তিনিওখন জিলাৰ পৰা বৃহৎ সংখ্যক লোক একত্ৰিত কৰাৰ লক্ষ্য বিজেপিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত আছুকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎ আন্দোলন অব্যাহত থকাৰ সময়তে ইয়াক প্ৰত্যাহ্বান জনাই শান্তি সমদল,গা ন্ধী সংকল্প যাত্ৰা আদি নামেৰে ভিন্ন বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বিজেপিয়ে। কিন্তু এতিয়ালৈতে ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী আইনৰ সৰ্মথনত কোনো এনে সমদল বিজেপিয়ে অনুষ্ঠিত কৰা নাছিল যদিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত উপস্থিত হৈ মন্ত্ৰী বিধায়কৰ সৈতে আবৰ্তভৱনত মিলিত হোৱাৰ লগতে ভিন্ন স্থান পৰিদৰ্শন কৰে। স্থান পৰিদৰ্শন কৰি অহা ২৩ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত উজনিৰ তিনিচুকীয়া, শিৱসাগৰ জিলাক সামৰি "সংকল্প সমাৰোহ" অনুষ্ঠিত হ'ব বুলি তেওঁ উল্লেখ কৰে।

আৰু পঢ়কঃকাকপথাৰত CAA বাতিলৰ দাবীত শহস্ৰাধিক ৰাইজৰ উপস্থিতিত 'গণ গৰ্জন' কাৰ্যসূচী

ABOUT THE AUTHOR

...view details