ডিব্ৰুগড়, ২১ আগষ্ট:বিজেপি দলত ন-পুৰণি বিজেপিক লৈ কোনো ধৰণৰ সংঘাত নাই । কেৱল কেইজনমান ব্যক্তিয়ে মাত্ৰ অসন্তুষ্ট হৈ কিছু কথা কৈছে । উল্লেখ্য যে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন বিজেপি সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে জ্যেষ্ঠ নেতাই ন বিজেপি নেতাৰ বাবে বিজেপি দলত অৰাজক পৰিবেশ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পাচত বিজেপি দলৰ আন কেইবাজনো জ্যেষ্ঠ নেতা তথা বিধায়কে দলৰ ভিতৰচ’ৰাত ন-পুৰণি বিজেপিৰ মাজত কোনো ধৰণৰ সংঘাত নথকাৰ কথা উল্লেখ কৰে । এইবাৰ এই কথা পুনৰবাৰ স্পষ্ট কৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই ৷
লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি কয়, সৰ্বানন্দ সোণোৱালে আন দলৰ পৰা আহি বিজেপিক নেতৃত্ব দি চৰকাৰ গঠন কৰিছিল । এতিয়াও ঠিক তেনেদৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক আগুৱাই নিয়াৰ বাবে কাম কৰিছে । ইয়াত ন- পুৰণি বুলি কথা নাই । কেৱল কেইজনমান ব্যক্তি মাত্ৰ অসন্তুষ্ট হৈ কিছু কথা কৈছে বুলি কয় বিধায়ক বিনোদ হাজৰিকাই ।