মৰাণ, 24 আগষ্ট :জন আশীৰ্বাদ যাত্ৰাৰ অন্তিম তথা তৃতীয় দিনা মৰাণত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মৰাণৰ মাজমজিয়াস্থিত ডাক বঙলাৰ সমীপত মাহমৰা সমষ্টিবাসী ৰাইজৰ আদৰণি গ্ৰহণ কৰাৰ লগতে নাহৰকটীয়াৰ ট্ৰেফিক পইণ্টৰ সমীপত মৰাণ সমষ্টিবাসী ৰাইজৰ হৈ আদৰণি তথা সম্ভাষণ গ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীয়ে ।
মৰাণৰ বিজেপি দলৰ বহু সংখ্যক নেতা-কৰ্মীয়ে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনাবলৈ যথেষ্ঠ পৰিমাণৰ ধন ব্যয়ৰে জাক-জমকতাপূৰ্ণ মঞ্চ সাজি উলিয়ায় ৷ কিন্তু সময়ৰ নাটনিৰ বাবে সোণোৱালে গাড়ীৰ পৰা নামি এই সম্বৰ্ধনা গ্ৰহণ কৰে ৷ উক্ত আদৰণি অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ লগতে বিভিন্ন নিকায়-নিগমৰ অধ্যক্ষ আৰু দলীয় বিষয়-ববীয়াসকল উপস্থিত থাকে ।