অসম

assam

ETV Bharat / state

মৰাণত বৃদ্ধি পাইছে বিজেপিৰ নিৰ্বাচনী তৎপৰতা - মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ

২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী,সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে টিকট প্ৰত্যাশী নেতাৰ ৰাজনৈতিক কুচকাৱাজ । মৰাণত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে বিজেপিৰ | সেয়ে ঘনাই সমষ্টিৰ চুকে কোণে অনুষ্ঠিত হৈছে দলীয় সভা ।

BJP Meeting held at Moran
মৰাণত বৃদ্ধি পাইছে বিজেপিৰ নিৰ্বাচনী তৎপৰতা

By

Published : Nov 4, 2020, 9:11 AM IST

মৰাণ,4 নৱেম্বৰ:আগন্তুক ২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী । সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে টিকট প্ৰত্যাশী নেতাৰ ৰাজনৈতিক কুচকাৱাজ । কা আন্দোলনৰ পাছতেই অসমত দুটাকৈ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলে জন্ম লাভ কৰাৰ পাছতে শাসকীয় দল বিজেপিয়ে নিজৰ দলীয় কামকাজ অধিক তৎপৰতাৰে কৰিবলৈ আৰম্ভ কৰিছে । বিশেষকৈ ১১৫ নং মৰাণ বিধানসভা সমষ্টিত বিজেপিয়ে দলৰ ভেটি শক্তিশালী কৰিবলৈ এখনৰ পাছত আন এখন দলীয় সভা অনুষ্ঠিত কৰি দলীয় ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে ।

মৰাণত বৃদ্ধি পাইছে বিজেপিৰ নিৰ্বাচনীক তৎপৰতা

দুটা দিনৰ আগতে উজনিৰ সকলো সাংসদ,বিধায়কৰ উপস্থিতিত মৰাণৰ খোৱাংত বিজেপি চাহ মৰ্চাৰ সভা অনুষ্ঠিত হোৱাৰ পাছত মৰাণ সমষ্টিৰ গৰুধৰীয়া লৰুৱা মণ্ডল মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত সাংগঠনিক বিষয় আৰু আগন্তুক দিনৰ মহিলা মৰ্চাই কেনেদৰে কাম কাজ কৰিব লাগিব সেই সম্পৰ্কে আলোচনা কৰা হয় । দলৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দলীয় কৰ্মী সকলক উৎসাহ উদ্দীপনাৰে কাম কৰিবলৈ বিধায়ক চক্ৰধৰ গগৈয়ে সকলো কৰ্মীকে আহ্বান জনায় ।

মৰাণত বৃদ্ধি পাইছে বিজেপিৰ নিৰ্বাচনী তৎপৰতা

সভাত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে ডিব্ৰুগড় জিলা বিজেপিৰ উপ-সভাপতি অসীম হাজৰিকা,অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত,ডিব্ৰুগড় জিলা অনুসূচীত জাতি মৰ্চাৰ সভাপতি গকুল দাস,ভাৰতীয় জনতা পাৰ্টি জ্যেষ্ঠ কাৰ্যকৰ্তা তথা আইটিদিপি বৰ্ডৰ উপাধ্যক্ষ স্বৰ্ণ দেউৰী শইকীয়া,লৰুৱা মণ্ডলৰ সভাপতি যতীন গগৈৰ লগতে মহিলা মৰ্চাৰ সদস্যা আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে। লক্ষ্যণীয় বিষয়টো হ'ল যে মৰাণত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও নিজৰ দলীয় ভেটি সুদৃঢ় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ইফালে বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে দলৰে জ্যেষ্ঠ কৰ্মীয়ে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:চিৰাঙত সংঘটিত অগ্নিকাণ্ডৰ ক্ষয়ক্ষতিৰ বুজ ললে মন্ত্ৰী ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details