ডিব্ৰুগড়,14 মাৰ্চ:অগপৰ দুৰ্গত মোক্ষম আঘাত । অগপৰ পঞ্চায়ত সভাপতিসহ দুই শতাধিক কৰ্মীয়ে দেওবাৰে বিজেপিত যোগদান কৰে । ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ১২০ নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ । অগপৰ ভেটিত কঁপনি তুলিছে বিজেপিয়ে । অসম গণ পৰিষদৰ দূৰ্গৰূপে পৰিচিত নাহৰকটীয়াৰ বৰবাম গাঁৱত শনিবাৰে নিশা অনুষ্ঠিত হয় বিজেপিৰ এক যোগদান কাৰ্যসূচী । বিজেপি দলৰ নাহৰকটীয়া সমষ্টিৰ প্ৰাৰ্থী তৰংগ গগৈ উপস্থিত থকা এই যোগদান কাৰ্যসূচীত বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অগপৰ বৰবাম পঞ্চায়তৰ নিৰ্বাচিত সভাপতি পদ্মেশ্বৰ হাজৰিকা, বৰবাম আঞ্চলিক সমিতিৰ সভাপতি জিতু হাজৰিকা, উপদেষ্টাদ্বয় প্ৰিয়নাথ হাজৰিকা, খদেশ্বৰ সোণোৱালকে ধৰি প্ৰায় দুই শতাধিক লোকে বিজেপি দলত যোগদান কৰে ।
সংবাদ মাধ্যমৰ আগত সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে অগপৰ বৰবাম পঞ্চায়তৰ সভাপতি পদ্মেশ্বৰ হাজৰিকাই । ইফালে সংবাদ মাধ্যমৰ আগত যি পানীত জাহজ চলে তাত কেতিয়াও পদুম ফুলিব নোৱাৰে বুলি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে ৷ পদুম বোকাত ফুলে আৰু বোকাত কেতিয়াও জাহাজ চলিব নোৱাৰে বুলি উল্লেখ কৰি জাহাজ সাগৰত চলে আৰু সাগৰ অসমত নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে গগৈয়ে ।