মৰাণ, 21মাৰ্চ:বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দল বাগৰা ৰাজনীতি তুংগত উঠিছে ৷ দেওবাৰে পুৱাৰ ভাগতে মৰাণৰ সমীপৰ মাহমৰা বিধান সভা সমষ্টিতো বহু লোকে যোগদান কৰে বিজেপিত ৷
ভাৰতীয় জনতা পাৰ্টী দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মাহমৰা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা মন্ত্ৰী যোগেন মহনৰ মৰাণস্থিত বাসগৃহত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ বহুলোকে দৈনিক ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা পৰিলক্ষিত হৈছে ।